1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 3:05 pm

“বীৰাঙ্গনা সাধনী” ত কোন হ’ব “কনচেং বৰপাত্ৰগোহাঁই”?

  • Update Time : Tuesday, October 31, 2023

আগন্তুক বিগ বাজেটৰ অসমীয়া ছবি “বীৰাঙ্গনা সাধনী” ৰ প্ৰসংগই সৰ্বত্ৰে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে । আমি ইতিমধ্যে ছবিখনৰ কেইবাটাও চৰিত্ৰৰ আঁৰৰ অভিনেতা কেইগৰাকীক আপোনালোকৰ মাজলৈ উলিয়াই আনিছোঁ । এইবাৰ জনাবলৈ বিচাৰিছোঁ, “বীৰাঙ্গনা সাধনী” ত কোন হ’ব “কনচেং বৰপাত্ৰগোহাঁই”?

আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে, প্ৰায় ১২০ গৰাকী শিল্পীৰ সমাহাৰেৰে নিৰ্মিত “বীৰাংগনা সাধনী” ৰ বাবে পোনপ্ৰথমবাৰ ভূটানৰ এগৰাকী অভিনেতাক নিৰ্বাচন কৰা হৈছে। এই জনপ্ৰিয় অভিনেতাগৰাকী হৈছে লেম ছেঞ্চু । ভূটানৰ বহুকেইখন জনপ্ৰিয় ছবিত অভিনয় কৰি বহুল প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা লেম ছেঞ্চুয়ে আহোম সাম্ৰাজ্যৰ প্ৰতিভাসম্পন্ন বীৰ গৰাকীৰ চৰিত্ৰটোক জীৱন্ত ৰূপত উপস্থাপন কৰিব । তেখেতৰ অভিনয়ে অসমীয়া দৰ্শকক আকৰ্ষিত কৰিব বুলি দৃঢ়বিশ্বাসী নিৰ্মাতাগোষ্ঠী । উল্লেখ্য যে, অভিনেতাগৰাকীয়ে ইতিমধ্যে গুৱাহাটীত অসমীয়া ভাষা আৰু ফাইটিঙৰ অনুশীলন আৰম্ভ কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme