1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 12:56 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

বিয়া পাতিলে নেকি? PAN কাৰ্ডৰ এইকেইটা কাম আজিয়েই কৰক…

  • Update Time : Saturday, November 6, 2021

ডিজিটেল ডেস্কঃ পেন কাৰ্ড প্ৰয়োজনীয় নথিসমূহৰ ভিতৰত এখন গুৰুত্বপূৰ্ণ নথি। আপোনাৰ পেন কাৰ্ড আছেনে? আপুনি বিবাহিত নেকি? বিবাহৰ পূৰ্বেই পেন কাৰ্ড লৈছিল নেকি? বিবাহৰ পূৰ্বেই লাভ কৰা পেন কাৰ্ডখন নথি হিচাপে আপুনি আৰু ব্যৱহাৰ কৰিব নোৱাৰিবও পাৰে। একাংশ মহিলাই বিবাহৰ পিছতেই নিজা উপাধি সলনি কৰি স্বামীৰ উপাধি গ্ৰহণ কৰে। ঠিকনাৰ ক্ষেত্ৰতো অন্য এখন ঠাইৰ বাসিন্দা হৈ পৰাৰ বাবে একাংশৰ ঠিকনাৰ সলনিও কথাটোও প্ৰয়োজনীয় হৈ ধৰা দিয়ে। পেন কাৰ্ডখন যিহেতু এখন গুৰুত্বপূৰ্ণ নথি গতিকে ইয়াত থকা ঠিকনা উপাধি সঠিক কৰি ৰখাটো প্ৰয়োজনীয়। তেনেক্ষেত্ৰত আপুনি যদি আপোনাৰ পেন কাৰ্ডত থকা পূৰ্বৰ নাম-ঠিকনা সলনি কৰিব বিচাৰে তেন্তে পেন কাৰ্ডত আপুনি সালসলনি কৰিব লাগিব বহুকেইটা কথা।

কেনেধৰণে সাল-সলনি কৰিব পেন কাৰ্ডৰ নাম-ঠিকনা?

ঘৰত থাকিয়েই আপুনি আপোনাৰ পেন কাৰ্ডৰ নাম ঠিকনা সলনি কৰিব পাৰিব। মোবাইলৰ জৰিয়তে এনএছডিএলৰ ঠিকনালৈ আবেদন কৰিব পাৰিব। পোনতে এখন ই-পেন আবেদন পত্ৰ ডাউনলোড কৰক। আবেদন পত্ৰখনত নিজা উপাধি-ঠিকনা লিখক। কেৱল নাম-ঠিকনা দিয়াই নহয় এই ঠিকনা সত্য তাৰো প্ৰমাণ আগবঢ়াৱ লাগিব। আবেদনত ফটোও গাঁথি দিয়াটো জৰুৰী। ইয়াৰ ওপৰিও যদি অফলাইনযোগে আবেদন কৰিব বিচাৰে তেন্তে আবেদনখন অনলাইনযোগে বিচাৰি আবেদনৰ হাৰ্ডকপি উলিয়াই আনি নিজা ঠিকনা আৰু পৰিচয় লিখাৰ লগতে দুখন ফটোৰ লগতে নিজা স্বাক্ষৰসহ প্ৰয়োজনীয় নথিসমূহ ডাকযোগে প্ৰেৰণ কৰিব পাৰে। আবেদন কৰোতে ভাৰতবৰ্ষৰ ভিতৰত বাস কৰা নাগৰিকে ১১০ টকা আৰু বিদেশত থকাসকলে ১০২০ টকা পৰিশোধ কৰিব লাগিব। নেট বেংকিঙৰ জৰিয়তে এই ধন পৰিশোধ কৰিব লাগিব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme