বিশ্ব পৰিৱেশ দিৱস, ৫ জুন তাৰিখে প্রতি বছৰে গোটেই বিশ্বত পালন কৰা হয়। ইয়াৰ মূল লক্ষ্য হৈছে বিশ্ববাসীক পৰিৱেশৰ প্রতি সজাগ কৰি তোলা, যাতে সকলো মানুহে পৰিৱেশ সংৰক্ষণ কৰি পৃথিৱীক সুস্থিৰ কৰি ৰাখে। ১৯৭২ চনত প্ৰথমবাৰৰ বাবে পৰিৱেশ দিৱস আৰম্ভ কৰা হৈছিল। ১৯৭২ চনৰ ৫ জুনত ৰাষ্ট্ৰসংঘই এই দিৱসৰ আৰম্ভণি কৰে। তেতিয়াৰ পৰাই প্ৰতি বছৰে ৫ জুনত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় । প্ৰথমে ছুইডেনৰ ৰাজধানী ষ্টকহ’মত এই দিৱস পালন কৰা হয় আৰু প্ৰায় ১১৯খন দেশে ইয়াত অংশগ্ৰহণ কৰে। প্ৰতিদিনে বিশ্বত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা, ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰদূষণৰ মাত্ৰা প্ৰকৃতিৰ বাবে অতি বিপদজনক। ইয়াক হ্ৰাস কৰিবলৈ প্ৰতি বছৰে পালন কৰা হয় বিশ্ব পৰিবেশ দিৱস।