1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 12:09 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

বিশ্বশ্ৰেষ্ঠ… বাইডেন, ট্ৰুডোক চেৰ পেলাই জনপ্ৰিয়তাৰ শীৰ্ষত মোদী

  • Update Time : Sunday, November 7, 2021

ডিজিটেল ডেস্কঃ বিশ্বৰ শক্তিশালী দেশৰ ৰাষ্ট্ৰনেতা এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তুলনাহীন৷ বিশ্বৰ মহা শক্তিধৰ দেশৰ ৰাষ্ট্ৰনেতাক চেৰ পেলাই জনপ্ৰিয়তাৰ শীৰ্ষত দেশৰ প্ৰধানমন্ত্ৰী মোদী৷ মাৰ্কিন গৱেষণা প্ৰতিষ্ঠান ‘মৰ্ণিং কনচাল্টে’ চলোৱা সমীক্ষাত আমেৰিকা, কানাডা, গ্ৰেট ব্ৰিটেইন, জাৰ্মানী আদি শীৰ্ষস্থানীয় দেশৰ ৰাষ্ট্ৰনেতাক চেৰ পেলাই বিশ্বৰ জনপ্ৰিয় নেতাৰ শীৰ্ষত স্থান লাভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা লাভ কৰা প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ভাষণেৰে বিশ্ববাসীক সময়ে সময়ে চমক দি আহিছে৷ প্ৰতি সময়তে নিজৰ কাৰচাজীৰে বিশ্বৰ বিভিন্ন স্থানত চৰ্চা লাভ কৰা মোদীয়ে এইবাৰ বিশ্বৰ শক্তিশালী বহু ৰাষ্ট্ৰনেতাক পিছপেলাই সমগ্ৰ পৃথিৱীতে জনপ্ৰিয়তাৰ পৰিচয় তুলি ধৰিলে৷

কিয় জনপ্ৰিয় মোদী?

মন কী বাতেৰে জনতাৰ হৃদয়ত সুকীয়া স্থান দখল কৰা মোদীৰ এই গ্লৱেল জনপ্ৰিয়তাৰ আঁৰত আছে বহুকেইটা কাৰণ৷ প্ৰধান মন্ত্ৰী মোদীৰ চমকপ্ৰদ ভাষণে কেৱল দেশৰ জনতাকে আকৃষ্ট কৰে এনে নহয় সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত বাস কৰা ভাৰতীয়মূলৰ লোকসকলেও মোদীৰ ভাষণৰ প্ৰতি আকৃষ্ট৷ ইয়াৰোপৰি ভিন্ন সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্বৰ দেশসমূহ পৰিভ্ৰমন কৰি দেশসমূহৰ পৰিবেশ পৰিস্থিতিৰ বুজ লোৱাই নহয় সেই দেশসমূহত বাস কৰা ভাৰতীয়মূলৰ লোকসকলৰ সৈতেও মিলিত হয়৷ শেহতীয়াকৈ মোদী শাসনাধীন চৰকাৰৰ কভিডৰ বিৰুদ্ধে কৰা যুদ্ধখনক লৈ সকলো দেশেই প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনাইছে।

কোনে চলাইছিল শ্ৰেষ্ঠতাৰ সমীক্ষা?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষণা প্ৰতিষ্ঠান ‘মৰ্ণিং কনচাল্টে’ অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, ফ্ৰান্স, জাৰ্মানী, ভাৰত, ইটালী, জাপান, মেক্সিকো, দক্ষিণ কোৰিয়া, স্পেইন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰনেতাসকলৰ জনপ্ৰিয়তাকলৈ প্ৰস্তুত কৰা সমীক্ষাত মুঠ ১৩ খন দেশৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মোদীয়ে লাভ কৰিছে ৭০ শতাংশ ৰেটিং। মোদীৰ পিছতেই দ্বিতীয় স্থানত আছে মেক্সিকোৰ ৰাষ্ট্ৰপতি এন্দ্ৰীছ মেনুৱেল ল’পেজে। তেওঁ লাভ কৰে ৬৬ শতাংশ ৰেটিং। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন ৪৪ শতাংশ ৰেটিঙেৰে থাকে ষষ্ঠ স্থানত। জনপ্ৰিয়তাৰে মহা শক্তিধৰ দেশ আমেৰিকা , আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনকো চেৰ পেলোৱা প্ৰধানমন্ত্ৰীলৈ দেশৰ জনসাধাৰণে অভিনন্দন জনোৱা পৰিলক্ষিত হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme