1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 2, 2025, 10:46 am

বিশিষ্ট কথাশিল্পী, সাংবাদিক হোমেন বৰগোহাঁঞিৰ ওপজা দিন

  • Update Time : Tuesday, December 7, 2021

ডিজিটেল ডেস্কঃ বিশিষ্ট সাংবাদিক, সাহিত্যিক হোমেন বৰগোহাঁঞিৰ আজি ওপজা দিন। সাহিত্যিক গৰাকীৰ অনুপস্থিতিটো আজি ৰাজ্যৰ ভিন্নপ্ৰান্তত জন্মদিন উপলক্ষে আয়োজন কৰা হৈছে বিভিন্ন অনুষ্ঠানৰ। একাধাৰে সাংবাদিক, সাহিত্যিক, গল্পকাৰ, ঔপন্যাসিক হোমেন বৰগোহাঁঞিৰ জন্ম হৈছিল ১৯৩২ চনত লক্ষীমপুৰৰ ঢকুৱাখানাত।

৯০ সংখ্যক জন্মদিনটোত যদিও তেওঁ আমাৰ মাজত নাই তথাপিও অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চৰকাৰীভাৱেও পালন কৰা হ’ব সাহিত্যিকগৰাকীৰ ওপজাদিনটোক। বৰগোহাঁঞিৰ জন্মদিনটোৰ সৈতে সংগতি ৰাখি অসম চৰকাৰে ৰাজ্যৰ ২৩ গৰাকী সাহিত্যিকক প্ৰদান কৰিব সাহিত্যিক পেঞ্চনো।

অসমীয়া সাহিত্যক চহকী কৰা বৰগোহাঁঞিয়ে অসমীয়া সাহিত্যজগতক অনন্য অবদান আগবঢ়াই থৈ গৈছে। তেওঁৰ সাহিত্যৰাজীসমূহৰ ভিতৰত উপন্যাস হৈছে সুবালা, কুশলীৱ, তান্ত্ৰিক, হালধীয়া চৰায়ে বাওধান খায়, পিতাপুত্ৰ, অস্তৰাগ, সাউদৰ পুতেকে নাও মেলি যায়, নিসংগতা, বিষন্নতা ইত্যাদি। তেওঁ লিখা গল্পপুথিসমূহ হৈছে- প্ৰেম আৰু মৃত্যুৰ কাৰণে, গল্প আৰু নক্সা, স্বপ্ন, ধুমুহা, শূণ্যতা, বিভিন্ন কোৰাছ, পৰ্দা, চিনাকী গাওঁ, ভয়, জন্ম, তিনি বাই-ভনী আদি।বৰগোহাঁঞিয়ে লিখা প্ৰবন্ধ ক্ৰমে কাম কৰাৰ আনন্দ, প্ৰজ্ঞাৰ সাধনা, জীৱনৰ মধুৰতম সময়, স্বাস্থ্য ৰক্ষাৰ সহজ নিয়ম, আনন্দ আৰু বেদনাৰ সহজ নিয়ম, বিপদৰ বন্ধু, জীৱনৰ সাধনা, সুস্থ দেহত সুস্থ মন, মই যেতিয়া ক্লান্ত হওঁ, ৰহস্যময় বিষাদ আৰু যন্ত্ৰণা, আধুনিক যুগৰ জন্ম কাহিনী আদি।

বিগত বছৰত ২০২১ চনত কভিড-১৯ ৰ দ্বিতীয় ঢৌত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তী হয় আৰু ৭ মে তাৰিখে চিকিৎসালয়ৰ পৰা কভিড মুক্ত হৈ স্বগৃহলৈ ওভটে যদিও ১২ মে’ৰ পুৱতি নিশা বিছনাৰ পৰা ঢলি পৰে। স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তী কৰোৱা হয় যদিও জিএনআৰচি হাস্পতালত পুৱা ৬ বাজি ৫৮ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme