1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 24, 2024, 1:43 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

বিল অস্বাভাৱিকভাৱে বৃদ্ধি হোৱা যদি দেখুৱাই দিব পাৰে, নিশ্চয়কৈ আমি ব্যৱস্থা ল’মঃ মন্ত্ৰী পীযূষ হাজৰিকা

  • Update Time : Wednesday, August 21, 2024

স্মাৰ্ট মিটাৰৰ বিল বৃদ্ধিক লৈ আজি সংবাদমাধ্যমৰ সম্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী পীযূষ হাজৰিকাই৷ মন্ত্ৰী পীযূষ হাজৰীকাই আজি অসম বিধানসভা প্ৰাংগণত সাংবাদিকৰ সম্মুখত মন্তব্য কৰি কয় যে, ‘গৰমৰ দিনত মানুহে ফ্ৰীজ, AC, ফেন বেছিকৈ ব্যৱহাৰ কৰে৷ গতিকে বিল অলপ বেছিকৈ অহাটো স্বাভাৱিক৷ যিসকলে স্মাৰ্ট মিটাৰৰ ইছ্যুটো আনিব মই তেওঁলোকক এটা কথাই অনুৰোধ কৰিম যে এই বছৰৰ আৰু আগৰ দুবছৰৰ জুলাই মাহৰ তিনিখন বিল লৈ আঁহক, তেতিয়া জলজল পটপটকৈ বিষয়টো ওলাই যাব। স্মাৰ্ট মিটাৰৰ পৰা যদিহে বিল বাঢ়িছে তেতিয়া ওলাই পৰিব।’ মন্ত্ৰীগৰাকীয়ে আগষ্ট মাহত বিল বৃদ্ধিৰ কথাটো কিয় ওলায় তাৰ কাৰণো ব্যাখ্যা কৰি কয় যে ‘গৰম দিনত মানুহে অলপ ফ্ৰীজ, এচি বেছিকৈ ব্যৱহাৰ কৰে। টিভি ব্যৱহাৰ কৰে, ফেন ব্যৱহাৰ কৰে। গতিকে গৰমৰ দিনত বিদ্যুতৰ বিল অলপ বেছি হোৱাটো স্বাভাৱিক। কিন্তু স্মাৰ্ট মিটাৰৰ পৰা বিল বেছি হোৱা বুলি এতিয়ালৈ প্ৰমাণ হোৱা নাই।’ সংবাদমাধ্যমৰ সম্মুখত মন্ত্ৰীগৰাকীয়ে আগৰ বছৰৰ এপ্ৰিল, মে’, জুন, জুলাই আৰু তাৰ আগৰ বছৰৰ এপ্ৰিল, মে’, জুন, জুলাই আৰু এই বছৰৰ এপ্ৰিল, মে’ জুন, জুলাই- এই তিনিটা বছৰৰ ৪ টা মাহৰ বিল লৈ আহি যদি বিল বৃদ্ধি হৈছে তেন্তে দেখুৱাই দিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে ‘আমাক যদি দেখুৱাই দিব পাৰে যে বিল অস্বাভাৱিকভাৱে বাঢ়ি গৈছে, তেতিয়া নিশ্চয়কৈ আমি ব্যৱস্থা ল’ম।’

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme