বিবাহৰ বয়সত পুৰুষ আৰু মহিলাৰ বয়সৰ ব্যৱধানক গুৰত্ব দিয়া হয়৷ বহু মহিলাই তেওঁৰ স্বামী তেওঁতকৈ কেইবছৰমান ডাঙৰ হোৱাটো বিচাৰে৷ বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান গুৰুত্বপূৰ্ণ জানো আহক-
৫-৭বছৰ ব্যৱধান- স্বামী-স্ত্ৰীৰ মাজত এনে ব্যৱধান থাকিলে দম্পতীৰ মাজত কাজিয়া, বিবাদ, ভুল বুজাবুজি কম হয়৷ ৫-৭বছৰ ব্যৱধানৰ সম্পৰ্কত ইজনে সিজনক বুজি পোৱাত সুবিধা হয়৷
১০ বছৰ ব্যৱধান- বহু ক্ষেত্ৰত ১০বছৰৰ ব্যৱধান আদৰ্শ বুলি ভবা হয়৷ এনে সম্পৰ্কত ইজনে সিজনক সন্মান কৰে, বুজিবলৈ চেষ্টা কৰে৷
২০বছৰ ব্যৱধান- সম্পৰ্কত স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ ব্যৱধান ২০বছৰ হ’লে মতামতৰ সমস্যা, সন্তান জন্মদিয়াৰ ক্ষেত্ৰত অসুবিধাৰ সম্মুখীন হ’ব পাৰে৷