প্ৰতিশ্ৰুতি দিছিল ৭টা জনম একেলগে থকাৰ৷ সপোন দেখিছিল সুখী জীৱনৰ৷ বিয়াৰ নিয়ম চলি থকা অৱস্থাতেই হঠাৎ ঢলি পৰিল কইনা৷
মাত্ৰ ১০ মিনিটতেই নামি আহিল দৰাৰ জীৱনলৈ কাল অমানিশা৷ কিন্তু নিয়তিৰ পৰিহাস! স্তব্ধ হৈ পৰিল কইনাৰ জীৱন৷ সুখে দুখে ৭টা জনমলৈ
একেলগে থকাৰ প্ৰতিশ্ৰুতি দি চিৰদিনৰ বাবে গুচি গল কইনা নীলম ৰাণী৷ সকলোৰে মুখৰ হাহি কাঢ়ি নি কোনো অচিন পৃথিৱীলৈ গুচি গল কইনা৷
ঘটনা সংঘটিত হৈছে পঞ্জাৱৰ ফিৰোজপুৰ জিলাৰ এখন গাৱঁৰ৷ খবৰ অনুসৰি দৰা কইনাই কৰি গৈছিল ইটোৰ পিছত সিটো বিবাহৰ আনুষ্ঠানিক নিয়ম৷ বিবাহ চলি থকাৰ মাজতেই হঠাৎ অসুস্থ হৈ পৰিল কইনা নীলম৷ লগে লগে চিকিৎসকে কৰিলে পৰীক্ষা, কিছু সময়ৰ পিছত সুস্থ হল কইনা৷ পিছ মুহূৰ্ততে বৰমালাৰ বাবে বিয়াৰ মণ্ডপলৈ আত্মীয়ই লৈ আহিল নীলম ৰাণীক৷ বৰমালা পিন্ধোৱা পৰ্বৰ পিছতেই হঠাৎ পুনৰ ঢলি পৰিল কইনা নীলম, লাগিল হুৱা দুৱা৷ চিকিৎসকক দিলে খবৰ কিন্তু চিকিৎসক অহাৰ আগতেই বিয়াৰ মণ্ডপতেই শেষ নিশ্বাস ত্যাগ কৰিলে নীলম ৰাণীয়ে৷ মৃত্যুৰ খবৰ শুনি ঢলি পৰিল দৰা, পৰিয়াললৈ নামি আহিল ধুমুহা৷ সপোনবোৰ যেন হেৰাই গল নিমিষতে, শেষ হৈ গল সকলো আশা৷