কাৰেণ্ট ট্ৰেণ্ড ডেস্কঃ বৰ সুন্দৰভাৱে চলি আছিল এখন বিয়া। ঠিক তেনেতে লাগিল চিঞৰ বাখৰ। তাৰ পিচতেই বিয়াৰ মণ্ডপৰ পৰা অন্তৰ্ধান হ’ল দৰা আৰু কইনা৷ খিৰিকীৰে জঁপিয়ালে দৰা, বান্ধৱীৰে পলাল কইনা৷ উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত অনুষ্ঠিত এখন বিবাহ অনুষ্ঠানত যোৱা শুকুৰবাৰে নিশা হঠাতেই দৌৰাদৌৰি লাগে। হঠাতে দৰাই খিৰিকীৰে জঁপিওৱা দেখি লগে লগে কইনায়ো বান্ধৱীৰ সৈতে দৌৰি পলায়ন কৰা পৰিলক্ষিত হ’ল। এনে দৌৰাদৌৰিৰে সকলোৱে নিৰাপদ আশ্রয়স্থল বিচৰা পৰিলক্ষিত হয়। দৰাচলতে শুকুৰবাৰে নিশা বিবাহ অনুষ্ঠানত এটা নাহৰফুটুকী বাঘে অতৰ্কিতে প্ৰৱেশ কৰে। নাহৰফুটুকীটোৱে বিবাহমণ্ডপত কেইবাজনো লোকক আক্রমণ কৰাত আৰম্ভ হয় দৌৰাদৌৰি। লক্ষ্ণৌৰ বুদ্ধেশ্বৰ ফ্লাই অভাৰৰ কাষতে অৱস্থিত এম এম বিবাহ ভৱনত এই ভয়ংকৰ ঘটনাটো সংঘটিত হয়। এই ঘটনাক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ একেদৰে চ’ছিয়েল মিডিয়াতো ভাইৰেল হৈছে নাহৰফুটুকী অহা বিয়াখনৰ ভিডিঅ’৷ ইয়াৰ মাজতেই একাংশই ৰগৰৰ চলেৰে ঘটনাক লৈ কমেণ্ট কৰিছে৷ আজিকালি বিয়া খাবলৈ নাহৰফুটুকী বাঘো আহে৷