সচৰাচৰ দেখিব পোৱা যে আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা কিছুমান বিশেষ বস্তু আমাৰ জীৱনত অতি লাগতিয়ালসূচক হৈ পৰে। প্ৰায়ভাগ সময়তে ব্যৱহাৰ কৰা কেঁচা হালধীয়ে আমাৰ বাবে অতি উপকাৰী। বিভিন্ন ৰোগ-বিয়াধিৰ পৰা নিৰাময় হ’বলৈ এই কেঁচা হালধী ব্যৱহাৰ কৰা দেখিব পোৱা যায়। নিয়ামিয়াকৈ হালধীৰ ৰস সেৱন কৰিলে বহু ৰোগৰ পৰা উপশম হ’ব পাৰি।সাম্প্ৰতিক সময়ত সকলোতকৈ মাৰাত্মক বেমাৰ কেন্সাৰৰ প্ৰতিষেধক হিচাপে কাম কৰে এই হালধী ৰসে। খাদ্য নলীৰ কৰ্কট ৰোগ, পৌৰ গ্ৰন্থি কৰ্কট ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে এই হালধী ৰসে। হালধি এণ্টি অক্সিডেণ্ট গুণৰ দ্বাৰা সমন্বিত। আনহাতে কিছুমান এলাৰ্জী পৰা ৰক্ষা পাবলৈ হালধীৰ ব্যৱহাৰ কৰা দেখিব পোৱা যায়। ডায়েবেটিচ ৰোগৰ প্ৰতিৰোধক হিচাপে হালধিয়ে কাম কৰে। পুৱা এচামুচ কেঁচা হালধীৰ ৰস খালে তেজৰ শৰ্কৰা বহু পৰিমাণে কমি থাকে। শৰীৰত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে এই হালধিৰ ৰসে।
আনহাতে, কিছুমান ৰোগত এই হালধীয়ে শৰীৰত গুৰুতৰ প্ৰভাৱ নেপেলায়। পেটৰ বিভিন্ন ৰোগ, হজম সম্পৰ্কীয় বিভিন্ন ৰোগত হালধিৰ ৰস সেৱন কৰাৰ পৰা বিৰত থাকিব লাগে। পেট ফুলি থকা, বমি বমি ভাব হৈ থাকিলে নাইবা ডায়েৰিয়া হ’লে পৰাপক্ষত হালধিৰ ৰস সেৱন কৰিব নালাগে। ইয়াৰ উপৰিও গৰ্ভৱতী মহিলা সকলে বহু বেছি পৰিমাণে হালধি সেৱন কৰাতো উচিত নহয়।