বিবাহৰ তিনিমাহৰ পিছতে মৃত্যুক সাৱটিলে এহাল নৱবিবাহিত দম্পত্তীয়ে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত। বিবাহৰ হৈ যোৱাৰ কিছুদিন পাছতে দুয়ো একেলগে গৈছিল চিৰিয়াখানালৈ, সেইদিনা গোটেই দিনটো ভ্ৰমণ কৰাৰ পৰিকল্পনা আছিল প্ৰেমিক যুগলৰ। ২৪ ঘন্টাৰ ভিতৰতে মৃত্যু হ’ল নৱবিবাহিত দম্পত্তীহালৰ। মাত্ৰ ২৫ বছৰীয়া হাৰ্ট এটেকত মৃত্যু হয় অভিষেক আলুৱালিয়াৰ। স্বামীৰ মৃত্যুৰ খবৰ শুনি নিজৰ হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল পত্নী অঞ্জলিয়ে। যাৰ পিছতে চৰম পন্থা বাছি ল’লে পত্নী অঞ্জলিয়ে। স্বামীৰ মৃত্যুৰ খবৰ পায় তেওঁ পোনে পোনে সপ্তম মহলাৰ বেলকনিলৈ দৌৰি যায় আৰু তাৰ পৰা জপিয়াই দিয়ে। ততাতৈয়াকে অঞ্জলিক চিকিত্সালয়লৈ লৈ যোৱা হয় যদিও চিকিত্সালয় পোৱাৰ পূৰ্বে তেওঁ মৃত্যুক সাৱটিব লগা হয়। বিগত বৰ্ষৰ ৩০ নৱেম্বৰত বিবাহপাশত আৱদ্ধ হৈছিল অভিষেক আৰু অঞ্জলি। চিৰিয়াখানা চাবলৈ যোৱা অভিষেক আৰু অঞ্জলিয়ে সেই দিনটো উপভোগ কৰিব বুলি ভাবিছিল, কিন্তু হঠাতে অভিষেকৰ বুকুত বিষ এটা অনুভৱ হ’ল। অভিষেকক প্ৰথমে দিল্লীৰ গুৰু টেগ বাহাদুৰ চিকিৎসালয়লৈ লৈ যোৱা হয়.. তাৰ পৰা তেওঁক ছফদাৰজং হাস্পতাললৈ লৈ যোৱা হয়। চিকিত্সালয়লৈ লৈ যোৱাৰ কিছু ঘণ্টাৰ পাছতে অভিষেকক মৃত ঘোষণা কৰে চিকিত্সকে।