1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 2:41 am

বিবাহপাশত আৱদ্ধ হ’ল প্ৰিয়ংকা ভৰালী, দৰাৰ সৈতে ফটো উঠি সামাজিক মাধ্যমত প্ৰকাশ কৰিলে ফটো

  • Update Time : Monday, February 10, 2025

জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ অনুৰাগীসকলৰ বাবে আহিল ভাল খবৰ, শেহতীয়াকৈ সামাজিক মাধ্যমত হৈ পৰিছে কণ্ঠশিল্পীগৰাকীৰ এখন বিশেষ ফটো যিখন ফটোৱে এতিয়া উত্থাপন কৰিছে বিভিন্ন প্ৰশ্নৰ। ডিঙিত বৰমালা পিন্ধি অৱশেষত বিবাহপাশত আৱদ্ধ হ’ল জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী, অভিনেতা অ’চিছ তালুকদাৰৰ সৈতে বিবাহৰ সাজত দেখা পোৱা কণ্ঠশিল্পীগৰাকীৰ ফটোখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। পিছে ৰীয়েল লাইফত নহয়, ৰীল লাইফতহে বিবাহপাশত আৱদ্ধ হৈছে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী। শীঘ্ৰে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ মুক্তি পাবলৈ গৈ আছে এটি নতুন গীত যাৰ নাম হৈছে “আগলি মৰম”, ইতিমধ্যে সামাজিক মাধ্যমত খোদ এই কথা প্ৰকাশ কৰিছে কণ্ঠশিল্পীগৰাকীয়ে। গীতটি প্ৰিয়ংকাৰ সৈতে দেখা পোৱা যাব অভিনেতা অ’চিছ তালুকদাৰকো। নতুন গীতটি সাদৰেৰে সকলোৱে আদৰি ল’ব বুলি আশা কৰিছে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme