1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 8:03 am

বিতৰ্কিত ৰিয়েলিটি শ্ব’ বিগ বছ, বিবি-১৫ ৰ প্ৰতিযোগীৰ বিৰুদ্ধে গোচৰ…

  • Update Time : Wednesday, December 8, 2021

ডিজিটেল ডেস্কঃ ওমৰ ৰিয়াজ, বিগ বছ-১৫ ৰ এজন লেখত ল’বলগীয়া প্ৰতিযোগী। বিগ বছ ১৩ ত সকলোৱে আদৰি লোৱা এজন প্ৰতিযোগী হৈছে আছিম ৰিয়াজ। আছিম ৰিয়াজৰ জেষ্ঠ ভাতৃ ওমৰ ৰিয়াজে এইবাৰ বিগ বছ-১৫ ৰ প্ৰতিযোগীতাত ভাগ লৈছে।কিন্তু বিবি হাউচত থকা অৱস্থাতে বিতৰ্কত সোমাই পৰিছে ওমৰ। ওমৰৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ।

ফৈজান আনচাৰী নামৰ এজন ডিজাইনাৰে ওমৰৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। ডিজাইনাৰ আনচাৰীয়ে ৰুজু কৰা গোচৰত তেওঁ উল্লেখ কৰিছে যে ওমৰে তেওঁ ডিজাইন কৰা কাপোৰ পৰিধান কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে কিন্তু ফটোখনৰ সৈতে তেওঁ ডিজাইনাৰৰ নাম তথা ব্ৰেণ্ডটোৰ নাম উল্লেখ কৰা নাই।

উল্লেখ্য যে ওমৰ ৰিয়াজ পূৰ্বতে বিবি হাউছৰ এজন দূৰ্বল প্ৰতিযোগী হিচাপে অভিহিত হৈছিল যদিও দিনকদিনে বৃদ্ধি হৈছে তেওঁৰ অনুৰাগীৰ সংখ্যা লগতে বিবি হাউছতো পাৰদৰ্শীতা দেখুওৱাবলৈ সক্ষম হৈছে ওমৰে। বিবি-১৫ ৰ ট্ৰফীও ওমৰৰ হাতলৈকে যাব নেকি বুলি চৰ্চা চলি থকাৰ মাজতে ওমৰ বিৰুদ্ধে উত্থাপিত হোৱা এই অভিযোগে প্ৰভাৱ পেলাব নেকি ওমৰৰ যাত্ৰাপথত সেই লৈয়ো এতিয়া একাংশ নেটিজেনে চৰ্চা কৰা পৰিলক্ষিত হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme