1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 2, 2025, 10:46 am

বিজেপিৰ পক্ষতেই অখিলৰ ভোট! কাৰণসহিতে প্ৰকাশ বিজেপি সমৰ্থিত প্ৰাৰ্থী পৱিত্ৰ মাৰ্ঘেৰিটাৰ

  • Update Time : Thursday, March 31, 2022

ডিজিটেল ডেস্কঃ ৰাজ্যসভাত অসমৰ পৰা থকা দুখন আসনক লৈ ইতিমধ্যে অনুষ্ঠিত হৈছে নিৰ্বাচন। ২ এপ্ৰিলত ৰাজ্যসভাত খালী হ’ব অসমৰ দুয়োখন আসন। কিন্তু সেই আসন দুখন কাৰ পক্ষলৈ যাব। বিজেপিয়েই দখল কৰিব নেকি দুয়োখন আসন? এই বিষয়টোৱে তোলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতিত। জল্পনা-কল্পনা আঁতৰাই অনুষ্ঠিত হ’ল নিৰ্বাচন। কিন্তু নিৰ্বাচনতকৈও বেছি চৰ্চালৈ এইবাৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈহে।

অখিলে কাৰ পক্ষত ভোট দিলে এই বিষয়টোৱে দখল কৰিছে শিৰোনাম। কিয় অখিল গগৈৰ স্থিতি ইমান সন্দেহজনক? ইপিনে ৰাজ্যসভাত বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী পৱিত্ৰ মাৰ্ঘেৰিটাৰ অকপট দাবী, অখিল গগৈয়ে তেওঁকেই ভোটদান কৰিছে। যদি ৰাজনৈতিক মেৰপেচৰ কথা চোৱা যায় তেন্তে অখিলে নিজা ভোট বৰ্জনো কৰিব পাৰে তথাপিও কংগ্ৰেছক কোনো কাৰণতে অখিল গগৈয়ে ভোট নিদিয়ে বুলি মন্তব্য কৰিছে পৱিত্ৰ মাৰ্ঘেৰিটাই।
মাৰ্ঘেৰিটাই কয়, ‘অখিল গগৈয়ে কংগ্ৰেছক ভোট নিদিয়ে, প্ৰয়োজনত ভোট বাতিল কৰিব’, ৯৯.৯৯ শতাংশ নিশ্চিত যে মই জয়ী হ’ম। বাকী দশমিক ০১ শতাংশ প্ৰকৃতিৰ ওপৰত এৰিছো। কংগ্ৰেছৰো বহু ভোট পাম। এটা কথা ঠিক, অখিল গগৈয়ে কংগ্ৰেছক ভোট নিদিয়ে। মোক ভোট দিব। মনোৰঞ্জন তালুকদাৰৰ ভোটটোও হয়তো ময়েই পাম।’

আনহাতে শ্বহীদৰ প্ৰসংগ টানি আনি প্ৰাৰ্থী পৱিত্ৰ মাৰ্ঘেৰিটাই কয়, ‘৮৫৫জন শ্বহীদৰ কেঁচা তেজেৰে খেলা কংগ্ৰেছক আঞ্চলিকতাবাদৰ ধ্বজাবাহক অখিল গগৈয়ে কেনেকৈ ভোট দিব?’ অখিল গগৈৰ সৈতে পাৰিবাৰিক সম্পৰ্ক থকাৰ কথাও প্ৰাৰ্থী মাৰ্ঘেৰিটাই প্ৰকাশ কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme