সমাগত লাচিত দিৱস। বীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তী ২৪ নৱেম্বৰৰ দিনা অসমৰ বিভিন্ন প্ৰান্তত পালন কৰা হ’ব।
১৬৭১ চনত ৰামসিংহৰ নেতৃত্বত মোগল সাম্ৰাজ্যৰ বিৰুদ্ধে হোৱা ৰণভূমি সোঁৱৰণত প্ৰতিষ্ঠা হোৱা মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ কাষত কদৰ্যময় পৰিৱেশ। এই কদৰ্যময় পৰিৱেশ দেখা গ’ল লাচিত ঘাটত। প্ৰতিমূৰ্তিৰ কাষত এনেদৰেই বান্ধিছে জাঁৱৰৰ দম। যেন ডাষ্টবিলৈে ৰূপান্তৰিত হৈছে সেইস্থান। ২৪ নৱেম্বৰৰ দিনটোতেই যেন মনত পৰে সেই স্থানলৈ আন সময়ত এনেদৰেই কদৰ্যময় পৰিৱেশলৈ পৰ্যবেশিত হয় লাচিত বৰফুকন প্ৰতিমূৰ্তিস্থলী। জাতীয় মহাবীৰৰ প্ৰতিমূৰ্তিস্থলী এনেকৈ ডাষ্টবিনলৈ ৰূপান্তৰিত কৰিবলৈ সাহস কৰাটোৱেই অসমীয়া জাতিৰ শৌৰ্য্য-বীৰ্য্যৰ ওপৰত প্ৰশ্ন তুলিছে। ছত্ৰপতি শিৱাজী,বিৰচা মুণ্ডা,মহাৰাণা প্ৰতাপ সিংহৰ আদিৰ প্ৰতিমূৰ্তিস্থলী কেনেদৰে সজাই এক সুন্দৰ পৰিবেশ সৃষ্টি কৰি ৰাখিছে তাৰ পৰা সচেতন অসমীয়া, অসমৰ জাতীয় সংগঠনে হয়তো যথেষ্ঠ শিকিবলগীয়া আছে।