1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 1:14 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

বান্ধৱীৰ পোহনীয়া কুকুৰৰ আক্ৰমণত সংকটতত আলিয়া, ৩ ঘণ্টা পৰ্যন্ত চলিল অস্ত্ৰোপচাৰ

  • Update Time : Friday, March 1, 2024

কুকুৰ প্ৰিয় মানুহৰ এই পৃথিৱীত অভাৱ নাই। অৱশ্যে একাংশই আজিকালি কুকুৰ পোহাটো ফেশ্বনলৈ ৰূপান্তৰ কৰিছে। পশুপ্ৰেমী নহ’লেও ফেচবুক, ইনষ্টাগ্ৰাম আজি ছ’চিয়েল মিডিয়াত প্লেটফৰ্মসমূহত নিজকে পশু প্ৰেমী বুলি জহোৱা নেটিজেনৰ আজিকালি অভাৱ নাই৷ শেহতীয়াকৈ চুবুৰীয়াৰ পোহনীয়া কুকুৰে এগৰাকী ১০ বছৰীয়া কিশোৰীক কৰিলে ভয়ংকৰ আক্ৰমণ৷ যাৰ পৰিণতিত হাস্পতালত জীৱন-মৃত্যুৰ সৈতে যুঁজিছে কিশোৰীগৰাকী৷ খবৰ অনুসৰি, ২৯ ফেব্ৰুৱাৰীৰ সন্ধিয়া প্ৰায় ৬ বাজি ৩০ মিনিটত গাজিয়াবাদৰ শালিমাৰ কলনিৰ ডিএলএফ কলনীৰ বাসিন্দা মহম্মদৰ ১০ বছৰীয়া জীয়ৰী আলিয়াই, ঘৰৰ নিচেই সমীপতে থকা নিজৰ বান্ধৱী মানৱীক নিজৰ ঘৰলৈ খেলিবলৈ মাতিব গৈছিল৷ দুৰ্ভাগ্যৱশত সেই সময়ত মানৱীৰ পিতৃ অমৰ সিঙৰ পোহনীয়া পিটবুল ব্ৰিডৰ কুকুৰটোৰ শিকলি খোলা আছিল৷ আলিয়াক দেখা পোৱাৰ মাত্ৰেই পিটবুল জাতৰ কুকুৰটোৱে আলিয়াক ভয়ংকৰভাৱে আক্ৰমণ কৰে৷ খবৰ অনুসৰি, পিটবুল কুকুৰটোৰ আক্ৰমণত কণমানি আলিয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে নয়দাৰ মেক্স হাস্পতালত আলিয়াৰ প্ৰায় তিনিঘণ্টা পৰ্যন্ত অস্ত্ৰোপচাৰ চলে৷ ঘটনা সন্দৰ্ভত কুকুৰৰগৰাকী অমৰ সিঙৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে আলিয়াৰ পিতৃ মহম্মদে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme