সকলো মানি ল’ব পাৰিলেও কিছুমান কথা মানি ল’ব নোৱাৰি, যেনে পৱিত্ৰ শিক্ষা বৃত্তিক কলংকিত কৰা ঘটনাবোৰ৷ এগৰাকী শিক্ষকৰ কু-কাণ্ডই স্তম্ভিত কৰি তুলিছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সমাজকো৷
এই ঘটনা সংঘটিত হৈছে, কামৰূপৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত কৰৰা শিক্ষা খণ্ডৰ অন্তগৰ্ত বৰ খৰিকটা উচ্চ মাধ্যমিক বিদ্যালয়ত৷ প্ৰাপ্ত খবৰ অনুসৰি, খৰিকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে বিদ্যালয়খনৰেই শিক্ষক ৰমেন কলিতাৰ বিৰুদ্ধে। এগৰাকী ছাত্ৰীক পঢ়াবলৈ গৈ মানুহ নথকাৰ সুযোগ লৈ যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে লম্পট শিক্ষক ৰমেন কলিতাৰ বিৰুদ্ধে৷ দীৰ্ঘদিন ধৰি লম্পট শিক্ষক ৰমেন কলিতাই নিৰ্যাতন চলোৱা ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালে এই কথা গম পাই আৰক্ষীৰ কাষ চাপে৷ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে লম্পট ৰমেন কলিতাক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰে জেল হাজোতলৈ। ৰাজ্যৰ চুকে-কোণে এনে ঘটনা এতিয়া সুলভ হৈ পৰিছে, বিশেষকৈ ৰমেন কলিতাৰ দৰে শিক্ষকৰ বাবেই কুলষিত হৈছে সমগ্ৰ শিক্ষক সমাজ৷ অতি বিশ্বাসেৰে এটা পৰিয়ালে নিজৰ সন্তানক এগৰাকী শিক্ষকৰ হাতত তুলি দিয়ে, যাতে সন্তানৰ ভৱিষ্যত সুনিশ্চিত হয়৷ কিন্তু ৰমেন কলিতাৰ দৰে লম্পট শিক্ষকে অভিভাৱকৰ এই বিশ্বাসক ভৰিৰে মোহাৰি গচকি নিমিষতেই থান-বান কৰি দিবলৈ অকণো কুণ্ঠাবোধ নকৰে৷ ৰমেন কলিতাৰ দৰে শিক্ষকেই হৈছে আমাৰ সমাজৰ প্ৰধান শত্ৰু৷ কাৰণ শিক্ষকৰ বেশত ৰমেন কলিতাৰ দৰে জঘন্য মানসিকতাৰ ব্যক্তিয়ে কুলষিত কৰি আহিছে আমাৰ সমাজ ব্যৱস্থা আৰু শেষ কৰিছে শিক্ষক সমাজৰ প্ৰতি থকা অভিভাৱকসকলৰ শ্ৰদ্ধা আৰু আস্থা৷ লম্পট শিক্ষক ৰমেন কলিতাৰ বিৰুদ্ধে দৃষ্টান্ত মূলক শাস্তি বিচাৰিছে স্থানীয় ৰাইজে৷ লগতে লম্পট শিক্ষক ৰমেন কলিতাৰ বিৰুদ্ধে বাইহাটা চাৰিআলি আৰক্ষীয়ে লোৱা তাৎক্ষণিক ব্যৱস্থাকো শলাগ লৈছে স্থানীয় ৰাইজে৷