1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:53 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

বহু প্ৰতীক্ষিত নিকায়-নিগমৰ অধ্যক্ষ, উপাধ্যক্ষ, উপদেষ্টাৰ তালিকা ঘোষণা

  • Update Time : Wednesday, November 3, 2021

গুৱাহাটীঃ অৱশেষত ৰাজ্য চৰকাৰে আজি ঘোষণা কৰে  বহু প্ৰতীক্ষিত নিকায়-নিগমৰ অধ্যক্ষ, উপাধ্যক্ষ, উপদেষ্টাৰ তালিকা। এই অনুযায়ী GMDAৰ অধ্যক্ষ পদত নাৰায়ণ ডেকা, গেছ কোম্পানীৰ অধ্যক্ষ বলিন চেতিয়া, মীন উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে গুৰুজ্যোতি দাসক। একেদৰে ভৈয়াম জনজাতি উন্নয়নৰ অধ্যক্ষ ৰমাকান্ত দেউৰী, অন্যান্য পিছপৰা শ্ৰেণী নিগমৰ অধ্যক্ষ নৱনীতা সন্দিকৈ, অনুসূচিত জাতি উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত দাস, অসম বিত্তীয় নিগমৰ অধ্যক্ষ নিযুক্তি বিজয় গুপ্তাক, ক্ৰীড়া আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য-সচিব পবিত্ৰ মাৰ্ঘেৰিটা, অসম মাৰ্কেটিং নিগমৰ অধ্যক্ষ নিযুক্ত অশোক সিংঘী, অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰিছে সীমান্ত শেখৰে।

আনহাতে DNPৰ অধ্যক্ষ পদত ৰূপম গোস্বামী, পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, চাহ নিগমৰ অধ্যক্ষৰ দায়িত্ব ৰাজদ্বীপ গোৱালা, ASTCত মিছন ৰঞ্জন দাস, AIDCৰ অধ্যক্ষ প্ৰশান্ত ফুকন, গৃহ নিৰ্মাণৰ অধ্যক্ষ পুলক গোহাঁই, ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ অধ্যক্ষ কিশোৰ উপাধ্যায়, হাইড্ৰ’-কাৰ্বন এনাৰ্জীৰ অধ্যক্ষৰ দায়িত্ব হিৰণ্য কোঁৱৰক, পণ্য সামগ্ৰী নিগমৰ অধ্যক্ষৰ দায়িত্ব নিৰেণ বৈশ্যক, খনি উন্নয়ন নিগমৰ অধ্যক্ষ ৰণগৌৰা নাৰ্জাৰী, VDPৰ উপদেষ্টা ৰঞ্জিত মজুমদাৰ, জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষৰ দায়িত্ব প্ৰদীপ ঠাকুৰীয়াক, ফিছফেডৰ অধ্যক্ষৰ দায়িত্ব সুশীলা হাজৰিকাক, অসম ক্ৰীড়া প্ৰাধীকৰণৰ উপাধ্যক্ষৰ দায়িত্ব লক্ষ্য কোঁৱৰক, কলাক্ষেত্ৰ সমাজৰ উপাধ্যক্ষৰ দায়িত্ব জিতুল সোণোৱালক, ভাষিক সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষৰ দায়িত্ব শিলাদিত্য দেৱক, ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষাৰূপে নিযুক্তি হেমপ্ৰভা বৰঠাকুৰক, সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষৰ দায়িত্ব হবিব মহম্মদ চৌধুৰীক, হাঁহ-কুকুৰা পালন নিগমৰ অধ্যক্ষৰ দায়িত্ব মনোজ শইকীয়াক, বীজ নিগমৰ অধ্যক্ষ প্ৰৱীণ হাজৰিকা, বাণিজ্য উন্নয়ন সংগঠনত সুনীল ডেকা, খাদী আৰু গ্ৰামোদ্যোগত নিযুক্তি ডাঃ কমলা কলিতাক, আৰ্টফেডৰ অধ্যক্ষৰ দায়িত্ব নাথুৰাম বড়োক, APGCLৰ অধ্যক্ষ সঞ্জীৱ কুমাৰ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme