1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 3:07 pm

বহি থাকোতে ভৰি ল’ৰাই থকা লোকৰ হ’ব পাৰে এই ৰোগ…

  • Update Time : Sunday, November 26, 2023

ডিজিটেল ডেস্কঃ বহি থাকোতে ভৰি লৰাই থকাৰ অভ্যাস আপোনাৰ আছে নেকি! যদিহে আছে, তেন্তে আপোনাৰ হব পাৰে এটা বিশেষ বেমাৰ। বহি থাকোতে ভৰি লৰাই থকা এই লক্ষণটোৱে এগৰাকী ব্যক্তিৰ নাৰ্ভৰ সমস্যাত ভুগাব পাৰে। ইয়াৰ দ্বাৰা ভৰিৰ বিষৰ উপৰিও বিভিন্নধৰণৰ শৰীৰৰ সমস্যাত ভুগিব পাৰে।

শেহতীয়াকৈ এক সমীক্ষাত পোহৰলৈ আহিছে যে, বহি থাকোতে ভৰি লৰাই থকা ১০শতাংশ ব্যক্তিয়েই এই নাৰ্ভৰ সমস্যাত ইতিমধ্যে কব নোৱাৰাকৈ ভুগি আছে। চিকিতসকসকলে এই ৰোগবিধক নামাকৰণ কৰিছে restless legs syndrome। শৰীৰত আইৰনৰ পৰিমাণ হ্ৰাস পোৱা ব্যক্তিসকলৰ দেহত এই ৰোগে সহজে আক্ৰমণ কৰে।
এই ৰোগ দৰাচলতে জেনেটিকো হব পাৰে। গতিকে এতিয়াৰে পৰা আপোনাৰো যদি এনে অভ্যাস আছে তেন্তে পৰিহাৰ কৰক। চিকিতসক সকলে মত ব্যক্ত কৰিছে যে, বহি থাকোতে ভৰি লৰাই থকা ব্যক্তিৰ restless legs syndromeৰ দৰে ৰোগৰ অতি সোনকালে ভুগিব পাৰে আৰু ই এই ৰোগৰ আগতীয়া লক্ষণ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme