1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 3:28 pm

বন্ধুত্ব সম্পৰ্কত কিছু গুৰুত্বপূৰ্ণ কথা সদায় মনত ৰাখিব !

  • Update Time : Friday, September 6, 2024

সম্পৰ্ক এটা জীয়াই ৰখা অতি কঠিন! কিয়নো বৰ্তমান সময়ত প্ৰকৃত প্ৰেম, সঁচা বন্ধুত্ব খুবেই দুৰ্লভ। খং, ক্ষোভ, ঈৰ্ষা, বিশ্বাসঘাটকতা আদিৰ মাজত সম্পৰ্ক এটা ৰক্ষা কৰাটো অতি কঠিন। কিন্তু তাৰ মাজতে ধৰি ৰাখিব লাগিব এটা সম্পৰ্ক। প্ৰতিজন ব্যক্তিয়ে এনে সম্পৰ্কত থকাৰ যোগ্য য’ত তেওঁ নিজৰ সংগীৰ পৰা সন্মান, মৰম আৰু বুজাবুজি লাভ কৰে। বন্ধুত্ব সম্পৰ্ক এটা জীয়াই ৰাখিবলৈ কিছুমান কথা সদায় মনত ৰাখিব,
. বন্ধুত্ব সম্পৰ্ক এটাত মনত ৰাখিবলগীয়া এটা গুৰুত্বপূৰ্ণ কথা হ’ল সদায় ক্ষমা কৰিবলৈ শিকিব। সৰু সুৰা কথাত লাগি ভুল বুজাবুজি সৃষ্টি নকৰিব। ক্ষমা কৰিবলৈ শিকিব, যাতে সম্পৰ্কবোৰ ভাল হৈ থাকে।
. আনে আপোনাৰ বন্ধুৰ কথা বেয়াকৈ ক’লে আপুনি ভূল বুজাৰ পূৰ্বেই বন্ধুৰ পৰাই সত্যতা জানিবলৈ চেষ্টা কৰক।
. বন্ধুত্বৰ সম্পৰ্কৰ মাজত তৃতীয় পক্ষই যাতে আউল লগাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখক।
. বন্ধুৰ সৈতে সকলো কথা মুকলিকৈ আলোচনা কৰক, সুখ দুখ সকলো আলোচনা কৰক।
. প্ৰতিটো ক্ষণতে, ভাল বেয়া সকলো সময়তে বন্ধুৰ সৈতে থিয় দি থাকক।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme