1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
May 16, 2025, 12:44 pm

বন্ধন বেংকে লোন নিদিলে, ঘৰত হাজিৰ আৰক্ষী, আৰু তাৰপিছতেই…

  • Update Time : Thursday, May 15, 2025

কাৰেণ্ট ট্ৰেণ্ড ডেস্ক-যুৱকৰ আত্মহননৰ কেন্দ্ৰ কৰি বাক্সাৰ আঠিয়াবাৰীত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। শতাধিক পুৰুষ মহিলাই ন্যায় বিচাৰি উপস্থিত হ’ল আঠিয়াবাৰী আৰক্ষী চকীত। বাক্সাৰ সংবাদদাতা গোলাপ নাথে প্ৰেৰণ কৰা বাতৰি অনুসৰি আঠিয়াবাৰী গাওঁৰ অঞ্জন দাস নাম লোকজনে নলবাৰীত থকা বন্ধন বেংকত এটা একাউণ্ট খুলিছিল। একাউণ্ট খোলাত সহায় কৰিছিল বাক্সাৰ শিমলাৰ কংকন দাস নামৰ এজন লোকে। কংকন দাসে নিজকে নলবাৰী বন্ধন বেংকৰ শাখাৰ কৰ্মচাৰী বুলি পৰিচয় দি অঞ্জন দাসৰ ঘৰত আহি বেংক একাউণ্ট খোলে আৰু ঋণ ল’ব পাৰিব বুলি কয়। এবছৰ আগতে খোলা বেংক একাউণ্টত লেনদেন কৰি আছিল অঞ্জন দাসে বন্ধন বেংকৰ পৰা ঋণ পোৱাৰ আশাত। কিন্ত বন্ধন বেংকৰ কৰ্মচাৰী বুলি পৰিচয় দিয়া কংকন দাসে দুমাহ পূৰ্বে ঋণ নহ’ব বুলি জনাই দিয়ে অঞ্জন দাসক। তাৰ বিপৰীতে যোৱা ৬ মে তাৰিখে ৰাজস্থানৰ পৰা এটা আৰক্ষী দলে বেংকৰ পৰা টকা অঞ্জন দাসে হৰলুকি কৰা সংক্ৰান্তত ঘৰত উপস্থিত হয়। বহু লাখ টকা হৰলুকি কৰাৰ অপৰাধত অঞ্জন দাসক আঠিয়াবাৰীৰ আৰক্ষীৰ সহযোগত ৰাজস্থানৰ আৰক্ষীয়ে সোধপোছ কৰে। অঞ্জন দাসে বন্ধন বেংকৰ পৰা কোনো ঋণ পোৱা নাছিল। ৰাজস্থান আৰক্ষীয়ে ২৫ মে তাৰিখে নথি পত্ৰসহ হাজিৰ হবলৈ কয় অঞ্জন দাসক। আৰক্ষীৰ দল অঞ্জন দাসৰ ঘৰত উপস্থিত হোৱাত লাজে অপমানে অঞ্জন দাসৰ ককায়েক দিপাংকৰ দাসে অৱশেষত আত্মহননৰ পথ বাচি লয়। তাকে লৈ আঠিয়াবাৰী ৰাইজে আঠিয়াবাৰী আৰক্ষী চকীত উপস্থিত হৈ দিপাংকৰ দাসৰ আত্মহত্যাৰ ন্যায় বিচাৰি এজাহাৰ দাখিল কৰে। বেংকৰ কৰ্মচাৰী বুলি পৰিচয় দিয়া কংকন দাসক শাস্তিৰ দাবীত আঠিয়াবাৰী আৰক্ষী চকী ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এই ঘটনাক কেন্দ্ৰ কৰি প্ৰশ্ন উত্থাপন হৈছে ভুল প্ৰকৃততে কাৰ? বন্ধন বেংকৰ নে কংকন দাসৰ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme