Current Trend Assam Desk- ফেচবুক লাইভৰ জৰিয়তে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে কেইবাটাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ সেই মৰ্মে একাদশ শ্ৰেণীৰ পৰীক্ষা এইবাৰ অনুষ্ঠিত নহ’বও পাৰে। HS দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ। ৪. ১ এপ্ৰিলৰ পৰা প্ৰতি ইউনিটত বিদ্যুতৰ বিলত ১ টকাকৈ হ্ৰাস পাব। ৰাজ্যৰ ৩০ লাখ লোকে স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰাৰ বাবে ৰাজহ বৃদ্ধি পাইছে। মঙলবাৰৰ পৰা প্ৰতি কুইণ্টল ধানত ২৫৫০ টকাকৈ দিব চৰকাৰে। সৰিয়হৰ মূল্য প্ৰতি কুইণ্টলত ৬৪৫০ টকাকৈ দিব চৰকাৰে। NEET পৰীক্ষা এতিয়াৰে পৰা চৰকাৰী বিদ্যালয়ত অনুষ্ঠিত হ’ব। কোনো ব্যক্তিগত প্ৰতিষ্ঠানত অনুষ্ঠিত নহ’ব এই পৰীক্ষা। মেধাবী ছাত্ৰ-ছাত্ৰীক ন্যায় প্ৰদানৰ বাবে এই ব্যৱস্থা। ৭. ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ মৎস্য চিকাৰ নকৰিবলৈ আহ্ৱান। ১ অক্টোবৰৰ পৰা ১৫ জুলাইলৈ ঘন জালেৰে মাছ নধৰিবলৈ আহ্ৱান কৰে মুখ্যমন্ত্ৰীয়ে।