1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 12:40 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

ফুটপাথত কমলা বেচা মানুহজন ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ অসামৰিক সন্মানেৰে বিভূষিত

  • Update Time : Tuesday, November 9, 2021

ডিজিটেল ডেস্কঃ ৬৮ বছৰীয়া এগৰাকী বৃদ্ধ। ফুটপাথত কমলা বেচে এই বৃদ্ধগৰাকীয়ে। ফুটপাথত কমলা বেছা একাংশ লোকৰ মাজৰে তেৱোঁ এজন। এবাৰ এজন গ্ৰাহকে কমলাৰ দাম ইংৰাজীত সোধাত ক’ব পৰা নাছিল এই বৃদ্ধগৰাকীয়ে। আজি তেওঁ ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ অসামৰিক সন্মানেৰে বিভূষিত।
ইংৰাজীত সোধোতে কমলাৰ দামটো ক’ব নোৱাৰি সিদিনাই প্ৰতিজ্ঞাবদ্ধ হৈছিল হ’ৰেকালা হাজ্জাবা। বুজি উঠিছিল শিক্ষাৰ প্ৰয়োজনীয়তা। বিদ্যালয়ৰ পদুলি গৰকি নোপোৱা হাজ্জাবাই সিদিনাৰে পৰাই ব্ৰতী হ’ল মানৱ সম্পদ গঢ়াৰ কামত। সকলোৰে অলক্ষিতে নীৰৱে তেওঁ আৰম্ভ কৰিলে মানৱ সম্পদ গঢ়াৰ আখৰা।

ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ অসামৰিক সন্মানেৰে বিভূষিত হোৱা এই সাধাৰণ ব্যৱসায়ীজনৰ অসাধাৰণ কামৰ কথা পোহৰলৈ আহিছে তেওঁ পদ্মশ্ৰী সন্মানেৰে সন্মানিত হোৱাৰ পিছতেই। হাজাব্বাই কমলা বিক্ৰী কৰি দৈনিক উপাৰ্জন কৰে গড়ে ডেৰশ টকা। ফুটপাথত কমলা বেছা হ’ৰেকালা হাজ্জাবাই কমলা বেছা টকাৰে গঢ় দিছে এখন বিদ্যালয়। কৰ্ণাটকৰ মাংগালোৰ চহৰত ২০০০ চনতে হ’ৰেকালা হাজ্জাবাই আৰম্ভ কৰে এখন বিদ্যালয়ৰ। বিদ্যালয় প্ৰতিষ্ঠাৰ বাবেই হাজ্জাবাই উপাৰ্জিত ধনৰ পৰা এটকা দুটকাকৈ সঞ্চয় কৰিছিল ধন। লক্ষ্য পিছপৰা গাওঁখনৰ প্ৰতিগৰাকী শিশুক শিক্ষিত কৰি তোলা। গাওঁখনত বাস কৰা কোনো লোকেই যাতে ইংৰাজীত প্ৰশ্ন কৰিলে থতমত নাখাই। এনেকৈয়ে হাজ্জাবাৰ সপোনে সাকাৰ হোৱাৰ দিশে আগবাঢ়িছিল। ২০০০ চনত নিজৰ মাটিত সঞ্চিত ধনেৰে স্থাপন কৰা হাজাব্বাৰ বিদ্যালয়ত বৰ্তমান শিক্ষাৰ্থীৰ সংখ্যা ১৭৫ গৰাকী। সম্প্ৰতি ক্লাছ টেনলৈ উন্নীত হৈছে বিদ্যালয়খন। নিজৰ কষ্টোপাৰ্জিত ধনেৰে বিদ্যালয় নিৰ্মাণ কৰা এইজন অসাধাৰণ লোকলৈ সোমবাৰে ৰাষ্ট্ৰপতি ভৱনত প্ৰদান কৰা হ’ল দেশৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰী।

পদ্মশ্ৰী বটাঁ গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনত খালী ভৰিৰে উপস্থিত হোৱা হাজ্জাবা এতিয়া দেশৰ প্ৰতিগৰাকী লোকৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। হ’ৰেকালা হাজ্জাবাৰ জীৱনাদৰ্শনে অনুপ্ৰাণিত কৰিছে দেশৰ প্ৰত্যেকগৰাকী লোককে। অসাধাৰণ হৈয়ো সাধাৰণভাৱে থকা হাজ্জাবাই বিচাৰিছে দেশৰ কোনো শিশুৱেই যাতে বঞ্চিত নহওক নিজৰ মৌলিক অধিকাৰৰ পৰা। শিক্ষিত হওক দেশৰ প্ৰতিগৰাকী শিশু।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme