সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ বোমা বিস্ফোৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ সম্মুখত আজি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই কয় যে ‘‘আলফাই বোমা বিস্ফোৰণ কৰিছে, এইধৰণৰ বাতৰি মোৰ ওচৰত নাই। কিন্তু যদিহে সঁচাই বোমা বিস্ফোৰণ হৈছে। মই পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম, অসমবাসীয়ে শান্তি বিচাৰে, আৰু পৰেশ বৰুৱা ডাঙৰীয়া শান্তিৰ অন্যতম প্ৰহৰী হ’ব লাগে৷’
মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে, ‘যদি তেখেতে আমালৈ খবৰ পঠিয়াই যে এইবাৰ মই বোমা বিস্ফোৰণ কৰা নাই তেনেকুৱা বাতৰিয়ে, অসমক গৌৰৱ প্ৰদান কৰিব, আৰু মই বোমা বিস্ফোৰণ কৰিছো, তেনেকুৱা বাতৰিয়ে অসমৰ নৱ-প্ৰজন্মক আশাহত কৰিব৷ সেইবাবে মই ভাবো৷ গণৰাজ্য দিৱস হওঁক, স্বাধীনতা দিৱস হওঁক বা আন উৎসৱেই হওঁক, য’ত পৰেশ বৰুৱা ডাঙৰীয়াই নিজেই কয়, ‘যে এইবাৰ আমি কোনো বোমা বিস্ফোৰণ কৰা নাই৷’ তেনেকুৱা বাতৰিৰ অপেক্ষাতে নৱ-প্ৰজন্মই অপেক্ষা কৰিব৷’
আলফা-চৰকাৰৰ আলোচনা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই কয় যে ‘‘আলোচনাৰ বাবে পথটো আমি খোলা ৰাখিছো, তেখেতৰ সৈতে সময়ে সময়ে মই আলোচনা কৰিয়েই থাকো, টেলিফোনতো কথা-বতৰা হৈয়েই থাকে৷ কিন্তু কথাটো হৈছে, তেখেতৰ দাবী আপোনালোকে জানে আৰু সেই দাবীসমূহ পূৰণ কৰিবলৈ আমাৰ অসুবিধাসমূহৰ কথাও আপোনালোকে জানে৷’’