1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:56 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

‘পৰীক্ষাত ভাল ফলাফল লাভ কৰিবৰ বাবে বিশেষ সহায়ক পুথিৰ প্ৰয়োজন নাই৷’, প্রথম স্থান লাভ কৰি কি ক’লে ৰক্তোৎপল শইকীয়াই…

  • Update Time : Tuesday, June 7, 2022

ডিজিটেল ডেস্কঃ ‘পৰীক্ষাত ভাল ফলাফল লাভ কৰিবৰ বাবে বিশেষ সহায়ক পুথিৰ প্ৰয়োজন নাই৷’ ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰা উত্তৰ লখিমপুৰ ছেইণ্ট মেৰিজ হাইস্কুলৰ ছাত্ৰ ৰক্তোৎপল শইকীয়াই কৰিছে এই বিশেষ মন্তব্য৷
প্ৰথম স্থানপ্ৰাপ্ত ৰক্তোৎপলে কয় যে, ‘প্ৰথমতে সকলোলৈকে ধন্যবাদ। স্থান লাভ কৰিম বুলি আশা কৰিছিলো যদিও প্ৰথম হ’ব পাৰিম বুলি ভবা নাছিলো। প্ৰথমতেই ধন্যবাদ জনাব বিচাৰিছো মোৰ বিদ্যালয়খনক। বিদ্যালয়ৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে সকলোকে ধন্যবাদ জনাইছো। তেওঁলোকৰ আশীৰ্বাদৰ বাবেই এই সফলতা লাভ কৰিলো। ইয়াৰ পিছতে মই ধন্যবাদ জনাইছো মোৰ পিতৃ-মাতৃক। তেওঁলোকে কেতিয়াও মোক হতাশ হ’বলৈ দিয়া নাই। প্ৰতিটো ক্ষেত্ৰতে মোক সহায় কৰি গৈছে। মোৰ টিউচন শিক্ষক আৰু পৰিয়াল, ৰাইজক ধন্যবাদ জনাইছো। তেওঁলোকে লকডাউনৰ সময়তো বিভিন্নধৰণে মোক সহায় কৰিছিল সহায় কৰিছিল।’ ইয়াৰোপৰি কেনেদৰে পঢ়িছিল সেই সন্দৰ্ভত কৰা মন্তব্যত কয় যে, ভাল ফলাফল লাভৰ বাবে অন্যান্য সহায়ক পুথিৰো বিশেষ প্ৰয়োজন নাই৷ কেৱল সমূহ বিষয় মনপুতি আয়ত্ব কৰিলেই যথেষ্ট৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme