1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:39 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

পৰীক্ষাত ফেইল কৰিলেই নহয় শেষ! পঢ়ক এই কাহিনী…

  • Update Time : Tuesday, March 29, 2022

ডিজিটেল ডেস্কঃ ভাৱি ল’ব নালাগে, পৰীক্ষাত ফেইল কৰিলেই জীৱন শেষ। আচলতে এই বিফলতা জীৱনৰ সফলতাৰ আৰম্ভণিও হ’ব পাৰে। এনে হাজাৰটা উদাহৰণ আছে। কিন্তু এই উদাহৰণবোৰ বাৰে বাৰে আমি পাহৰি যাও নেকি! শেহতীয়াকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰিজাল্ট ঘোষণা হোৱাৰ পাছত দুগৰাকী শিক্ষাৰ্থীৰ আত্মহত্যাৰ ঘটনাই এনে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে।

জীৱনৰ যিকোনো পৰস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সন্তানক গঢ়ি তোলাৰ দায়িত্ব পিতৃ-মাতৃৰ। পৰীক্ষাৰ ৰিজাল্টেই যে জীৱনৰ সৰ্বস্ব নহয় এই কথা সন্তানৰ মনত পিতৃ-মাতৃয়ে সাঁচ বহুৱাব পাৰিব লাগিব। পৰীক্ষা বা শ্ৰেণীকোঠাৰ সফলতা যে জীৱনৰ সকলো সফলতাৰ মাপ-কাঠি নহয়, এই কথাষাৰৰ প্ৰমাণ হিচাপে এটা কাহিনী আমি উদাহৰণ হিচাপে লব পাৰো।

বিশ্ববিখ্যাত বিজ্ঞানী থমাছ এডিছনৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। শতিকাৰ শ্ৰেষ্ঠ বিজ্ঞানীসকলৰ ভিতৰত সকলোতকৈ আগত নাম লব পাৰি এডিছনৰ। বিভিন্ন আৱিষ্কাৰৰ লগতে বাল্বৰ দৰে মহান আৱিষ্কাৰৰ বাবে সদায়ে সকলোৱে মনত ৰাখিব এডিছনক। কিন্তু শতিকাৰ এই মহান বিজ্ঞানীগৰাকী পঢ়াৰ ক্ষেত্ৰত থকা দুৰ্বলতা বাবেই এদিন বিদ্যালয়ৰ পৰা উলিয়াই দিয়া হৈছিল।

স্কুলত এডিছনৰ শেষৰ দিনটো আছিল এনেধৰণৰ, এদিন থমাছ এডিছন স্কুলৰ পৰা আহোতে শিক্ষকে তেওঁক এখন কাগজ দিলে আৰু কলে যে, এই কাগজখন তুমি ঘৰ পায়েই মাক দিবাগৈ।’ ঘৰ পাই এডিছনে মাকক কাগজখন দি সেইখন স্কুলৰ পৰা দি পঠিওৱাৰ কথা কলে। কণমাণি এডিছনে মাকক সুধিলে সেই কাগজখনত কি লিখা আছে? মাকে তেতিয়া ডাঙৰ ডাঙৰকৈ চিঠিখন পঢ়ি এডিছনক শুনালে। মাকে পঢ়িলে- আপোনাৰ পুত্ৰ অতিকৈ জিনিয়াছ। কিন্তু তাক গঢ়িব পৰাকৈ আমাৰ স্কুলৰ আন্তগাথনিৰ লগতে ভালকৈ পঢ়াবলৈও শিক্ষকৰ অভাৱ। গতিকে তেওঁক আপুনি ঘৰতে পঢ়াব।

এইদিনটোৰ পাছতে থমাছ এডিছনক মাকে নিজেই পঢ়ালে ঘৰতে। এনেকৈ মাতৃয়ে দিয়া শিক্ষাগ্ৰহণ কৰিয়েই এডিছন এদিন মহান আৱিষ্কাৰক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিছিল। মাতৃৰ মৃত্যুৰ পাছত এদিন পুৰণি নথি-পত্ৰ খুচৰতে এডিছনে পাইছিল স্কুলৰ পৰা মাকৰ বাবে পঠিওৱা সেই বিশেষ চিঠিখন। চিঠিখন পঢ়ি শোকত ভাগি পৰিছিল এডিছন। চিঠিখনত লিখা আছিল- আপোনাৰ সন্তানৰ মগজু অতিকৈ দুৰ্বল। তাক আমি পঢ়াব নোৱাৰো। যাৰবাবে তাক স্কুলৰ পৰা বাহিৰ কৰা হৈছে।

চিঠিখন পঢ়ি উঠিয়েই থমাছ এডিছনে নিজৰ ডায়েৰীত লিখিছিল- Thomas A. Edison এনে এটা লৰা, যাৰ মগজু অতি দুৰ্বল । তাক নিজৰ মাকে পঢ়াই এই শতিকাৰ এজন জিনিয়াছ মানুহ হিচাপে গঢ়ি তুলিলে। Thomas A. Edison এটা মাত্ৰ উদাহৰণহে। বিশ্বত এনে লাখ লাখ উদাহৰণ আছে। যিসকলে পৰীক্ষাত বিফল হৈছিল যদিও আজি জীৱন যুঁজত সফল হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme