1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 1:39 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ

  • Update Time : Wednesday, November 20, 2024

সমগ্ৰ বিশ্বতে কঁকালৰ বিষৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। বৰ্তমান সমগ্ৰ বিশ্বৰ ৬১৯ নিযুত লোক কঁকালৰ বিষৰ সমস্যাত ভুগি আছে। পৰিসংখ্যা অনুসৰি প্ৰতি ১৩ জনৰ ভিতৰত ১ জনৰ কঁকালৰ বিষৰ সমস্যা থাকে। প্ৰতিবেদনত দাবী কৰা হৈছে যে ২০৫০ চনৰ ভিতৰত এই সংখ্যা ৮৪.৩ কোটিলৈ বৃদ্ধি পাব।

কঁকালৰ বিষ বিশ্বব্যাপী মহামাৰীত পৰিণত হৈছে!

যদি আপুনি কঁকালৰ বিষৰ সমস্যাত ভুগি আছে তেন্তে আপোনাৰ টোপনিৰ ওপৰত প্ৰভাৱ পৰাৰ লগতে আপোনাৰ মানসিক স্বাস্থ্যতো বিৰূপ প্ৰভাৱ পৰিব পাৰে। ইয়াৰ বাহিৰেও শিশুৰ সৈতে খেলা-ধূলা, কামলৈ যোৱা আৰু অন্যান্য কাম-কাজ সম্পূৰ্ণৰূপে বন্ধ হৈ যাব পাৰে। এতিয়া পৰিস্থিতি ইমানেই বেয়া হৈছে যে কঁকালৰ বিষ হৈ পৰিছে বিশ্বৰ অক্ষমতাৰ প্ৰধান কাৰণ। আনকি দ্য লেন্সেট ৰিউমেট’লজী নামৰ জাৰ্নেলখনে ইয়াক ‘গ্লোবেল মহামাৰী’ বুলিও অভিহিত কৰিছে।

কঁকালৰ বিষৰ আঁৰৰ সম্ভাৱ্য কাৰণবোৰ কি কি?

বেছিভাগ সময়তে কঁকালৰ বিষৰ অৰ্থ এইটো নহয় যে আপোনাৰ মেৰুদণ্ড বা পিঠিত শাৰীৰিকভাৱে কিবা বিসংগতি আছে। পতন আৰু দুৰ্ঘটনা হ’লে মচলা আৰু ভাঙন হ’ব পাৰে। ইয়াৰ বাহিৰেও সংক্ৰমণ, বাতবিষ বা কেন্সাৰ আদি ৰোগৰ বাবে কঁকালৰ বিষৰ সমস্যা সম্ভৱপৰ। কিন্তু এই ৰোগবোৰৰ বাবে কঁকালৰ বিষ হোৱাৰ সম্ভাৱনা ১ শতাংশতকৈও কম।

কঁকালৰ বিষৰ সমস্যাৰ পৰা কেনেকৈ মুক্তি পাব পাৰি?

এতিয়া প্ৰশ্ন হয় যে যদি আপুনি কঁকালৰ বিষত ভুগি আছে তেন্তে আপোনাৰ বিকল্প কি? ইয়াৰ পৰা মুক্তি পাবলৈ আপুনি কি কৰিব পাৰে? কঁকালৰ বিষৰ পৰা সকাহ পাবলৈ নিয়মীয়া ব্যায়ামৰ উপৰিও কম প্ৰভাৱৰ এৰ’বিক কাৰ্য্যকলাপ যেনে খোজ কঢ়া, চাইকেল চলোৱা বা সাঁতোৰা আদিয়ে পিঠিৰ পেশীবোৰ শক্তিশালী কৰে। সুস্থ ওজন বজাই ৰাখক। অতিৰিক্ত ওজনৰ বাবে পিঠিৰ পেশীবোৰত হেঁচা পৰে।

এই খাদ্যসমূহ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক

ইয়াৰ উপৰিও ধূমপানে কঁকালৰ বিষৰ সম্ভাৱনা বৃদ্ধি কৰে। স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক। আলমণ্ড, আখৰোট, ফ্লেক্সচিডৰ দৰে কেঁচা বাদামত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড থাকে, যাৰ ফলত প্ৰদাহ আৰু কঁকালৰ বিষ কমায়। বেছি সময় বহিব লগা হ’লে মাজে মাজে নিজৰ অৱস্থান সলনি কৰক। গধুৰ বস্তু তুলিলে পোনে পোনে আগলৈ চাব লাগে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme