1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 11:40 am
Trending:
আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে!

‘পৰিয়ালতন্ত্ৰ গণতন্ত্ৰৰ বাবে ভয়াৱহ’- সংবিধান দিৱসত ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে…

  • Update Time : Friday, November 26, 2021

ডিজিটেল ডেস্কঃ ২৬ নৱেম্বৰ দেশৰ সংবিধান দিৱস। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত অম্বেদকাৰৰ ৰচিত সংবিধানখন ভাৰতৰ সংবিধান হিচাঁপে স্বীকৃত হৈছিল আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীত কাৰ্যকৰী হৈছিল। সংবিধানখন ভাৰতৰ সংবিধান হিচাপে গ্ৰহণ কৰা দিনটোকে দেশত সংবিধান দিৱস হিচাপে পালন কৰা হয়।

প্ৰত্যেক বছৰৰ দৰে সংসদভৱনত শুকুৰবাৰে সংবিধান দিৱসৰ আয়োজন কৰা হৈছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ লগতে কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত চৰকাৰীভাৱে আয়োজন কৰা হৈছে। কিন্তু চৰকাৰীভাৱে অনুষ্ঠিত কৰা সংবিধান দিৱস বিসৰ্জন কৰিছে বিৰোধী দলে। কংগ্ৰেছকে আদি কৰি ডি এম কে, শিৱসেনা, আৰ এছ পি,এন চি পি, এছ পি, এন চিপি, চি পি আই, আৰ জে ডি, আই ইউ এম এল আদিয়ে বৰ্জন কৰিছে এই বৰ্ষৰ সংবিধান দিৱস। ইয়াৰ ওপৰিও বিৰোধী দল কেইটাই স্বাধীনতাৰ অমৃত উৎসৱো বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে। বিৰোধী দলকেইটাৰ মতে,’শাসিত চৰকাৰখনে নিয়মীয়াকৈ সংবিধানক অপমান কৰি আহিছে গতিকে তেনে এটা দলে সংবিধান দিৱস পতাৰ নৈতিক অধিকাৰ নাই।’

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবিধান দিৱসত দেশৰ জনতাক সম্বোধন কৰি সংবিধানৰ গৰিমা অটুত ৰাখিবলৈ দল মত নিৰ্বিশেষে সকলোকে আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে সংবিধান তথা গণতন্ত্ৰৰ বাবে পৰিয়ালকেন্দ্ৰীক ৰাজনীতি ভয়াৱহ বুলিও মন্তব্য কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme