1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 1:16 pm

পৰকীয়া প্ৰেমৰ বাবেই মঞ্জুলাৰ সৈতে স্বামীয়ে কৰিলে ফেভিকুইক কাণ্ড, মঞ্জুলাৰ ওঁঠত ফেভিকুইক লগাই প্ৰাণে মৰাৰ চেষ্টা স্বামীৰ

  • Update Time : Friday, February 14, 2025

কাৰেণ্ট ট্ৰেণ্ড অসম ডেস্ক- পৰকীয়া প্ৰেমৰ সন্দেহত এইখন দেশতেই সংঘটিত হৈছে আজৱ ঘটনা। ছিদ্দালিংগাস্বামী নামৰ এজন বিবাহিত পুৰুষে তেওঁৰ পত্নী মঞ্জুলাৰ ওঁঠত ফেভিকুইক লগাই ডিঙি চেপি হত্যা অপচেষ্টা কৰাৰ ঘটনা পোহৰলৈ আহিছে। সংজ্ঞাহীন অৱস্থাত মঞ্জুলাক উদ্ধাৰৰ পিচতে তেওঁক ততাতৈয়াকৈ সংকটজনক অৱস্থাত হাস্পতালত ভর্তি কৰোৱা হয়। ডিঙি চেপাৰ ফলত মূৰ্চা যোৱা পত্নীৰ মৃত্যু হোৱা বুলি পেলাই থৈ পলায়ন কৰা জিঘাংসু স্বামীক আৰক্ষীয়ে তেওঁৰ ম’বাইলৰ অৱস্থিতিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে। পত্নীৰ সঘন ম’বাইল ব্যৱহাৰত পৰপুৰুষৰ সৈতে সম্পৰ্ক থকা বুলি সন্দেহ কৰিয়েই ছিদ্দালিংগাস্বামীয়ে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। এই ঘটনাই দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ বেংগালুৰুৰ সমীপৰ নীলা হাৰোক্যাতানাহাল্লিৰ মংগলাত।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme