1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
June 16, 2025, 4:18 pm

প্ৰেম খেলা নহয়! গতিকে এই ৪টা কথা সদায় মনত ৰাখি প্ৰেম কৰক….

  • Update Time : Thursday, January 16, 2025

কোৱা হয় প্ৰেম এক স্বৰ্গীয় অনুভূতি। প্ৰেমে মানুহক সেই সুখ আৰু শান্তি দিয়ে, যি জীৱনৰ কোনো সুখৰ সৈতে তুলনা নহয়। তথাপিও দেখা যায় বহু প্ৰেমিক-প্ৰেমিকা এসময়ত সুখে-শান্তিৰে থাকি এদিন সেই সম্পৰ্কৰ অৱসান ঘটে। এনে কিয় হয়, সেয়া সঠিককৈ কোনেও কব নোৱাৰে। কিন্তু এটা কথা ঠিক যে, সেই প্ৰেম সচাঁ নাছিল বাবেই হয়তো অৱসান ঘটে।

প্ৰেম সচাঁ নে মিছা সেয়া কোনেও ধৰিব নোৱাৰে কিন্তু আমি তলত উল্লেখ কৰা এই ৪টা কথাৰে আপুনি অনুমান কৰিব পাৰে আপোনাক প্ৰিয়জনে সচাঁই প্ৰেম কৰিছে নে টাইম পাছ। এই গুণ বা কথা কেইটা আপুনি লক্ষ্য কৰি প্ৰেম কৰিলে কেতিয়াও ঠগ বা প্ৰতাৰণাৰ সন্মুখীন নহয়।

১. যদিহে প্ৰিয়জনে কথাবোৰ শ্বেয়াৰ কৰিবলৈ বেয়া পায় বা অনীহা প্ৰকাশ কৰে তেন্তে জানিব যে কৰবাত নিশ্চয় কিবা কেনা আছে। অৱশ্যে একান্ত ব্যক্তিগত কথাবোৰ পৃথক। নিজৰ কথাবোৰ শ্বেয়াৰ নকৰি এনে সম্পৰ্ক এখন কাল্পনিক জগত উটি-ভাহি ফুৰা দেখা যায় আৰু এনে সম্পৰ্ক এটা সময়ত অন্ত পৰে।

২. আপোনাক সচাঁ ভাল পালে অনুভূতিবোৰ বুজি পাব আৰু সন্মান কৰিব। যি সম্পৰ্কত সন্মান নাই সেই সৰ্ম্পক খন্তেকীয়া। ভৱিষ্যতহীন এনে সম্পৰ্ক কেৱল মাত্ৰ টাইম পাছ।

৩. আপোনাক যদিহে সচাঁ ভাল পায়, তেনেহলে আপোনাৰ বেয়াটো বেয়া আৰু ভালটো ভাল বুলি কব। এজন প্ৰকৃত বন্ধুৰ যি দায়িত্ব সেই দায়িত্ব যদি প্ৰিয়জনে পালন কৰে তেন্তে আপুনি জানিব সেই প্ৰেম সচাঁ। বেয়া পাব বুলিলেই বেয়াটো ভাল বুলি কলে এটা সময়ত ই গৈ অশান্তিৰ ৰূপ লব।

৪.অপৰিকল্পিত প্ৰেম সদায়েই টাইম পাছ। প্ৰেম কৰা নাযায় হৈ যায়, সেইটো সচাঁ কথা। কিন্তু প্ৰেম হোৱাৰ পাছত সেই প্ৰেমক এক লক্ষ্যত উপনীত কৰাটোৱেই প্ৰেমৰ সফলতা। তাকে নকৰি যদি কেৱল মাত্ৰ যা টা কথা লাগি থাকে তেন্তে সেই প্ৰেমৰ ইতি পৰিবলৈ বেছি দিন নালাগে।

গতিকে এই ৪টা কথা আপুনি মন কৰি প্ৰেম চিৰযুগমীয়া কৰক…

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme