ডিজিটেল ডেস্কঃ প্ৰেমৰ বাবে মানুহে নকৰে কি, প্ৰেমৰ বাবে নিজৰ প্ৰাণ দিবলৈও সাজু হয় বহুজনে। তাতে আকৌ অবৈধ প্ৰেম। ছোৱালীক লগ কৰিব গৈ দূৰ্ঘটনাত পতিত হ’ল এজন যুৱক। দৰাচলতে যুৱক-যুৱতীগৰাকীয়ে একেটা কোঠাতে সংগোপনে সময় পাৰ কৰিছিল। কিন্তু সময়ে যেন সিহঁতৰসৈতে খেলা কৰিলে। ছোৱালীজনীৰ লগত উপস্থিত থকাৰ সময়ত, যুৱকজনে কোনোৱা অহাৰ উমান পাইছিল। তেঁও ভাবিছিল হয়তো ছোৱালীজনীৰ প্ৰেমিক আহিছে। আৰু নিজকে বচাই সাৰি যাৱলৈ তেওঁ তৃতীয় মহলাৰ খিৰিকীৰ পৰা জঁপিয়াই দিয়ে। তৃতীয় মহলাৰ পৰা যুৱকজনে জঁপিওৱাৰ ফলত যুৱকজনৰ দুয়োখন ভৰি ভাঙি যায়। ‘দ্য মিৰৰ’ মতে শুকুৰবাৰে নিশা আয়াৰলেণ্ডৰ কৰ্ক চহৰত এই ঘটনা সংঘটিত হয়। সেইসময়ত যুৱকজনে ঘৰৰ মানুহক ছোৱালীজনীৰ প্ৰেমিক বুলি ভাৱি তৃতীয় মহলাৰ পৰা জঁপিয়াই পৰে আৰু যাৰ ফলত তেওঁ বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। যুৱকজনক আঘাত প্ৰাপ্ত অৱস্থাত দেখি ওচৰৰ মানুহে লৰালৰিকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷