প্ৰায়ে দেখিবলৈ পোৱা যায় অত্যাধিক চুলি সৰাৰ সমস্যাৰ সৈতে কেৱল মহিলাসকলহে যুঁজ দিয়ে। কিন্তু বৰ্তমান পুৰুষসকলো একেই সমস্যাৰ সন্মুখীন হৈছে। বৰ্তমান সময়ৰ বেয়া খাদ্যাভ্যাস, প্ৰদূষণ আৰু মানসিক চাপৰ বাবে পুৰুষসকলেও চুলি সৰাৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। এনে পৰিস্থিতিত পুৰুষে চুলি সৰা ৰোধ কৰিবলৈ বিভিন্ন ধৰণৰ চুলিৰ যত্ন লোৱা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে।
স্বাভাৱিকতে সুন্দৰ চুলিৰ সৈতে এজন যুৱকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। যুৱতীসকলেও বিচৰে তেওঁৰ প্ৰিয়জনৰ চুলি সুন্দৰ হোৱাটো। কিন্তু দেখিবলৈ পোৱা যায় সুন্দৰৰ চুলি থকা যুৱকজনৰো HAIR FALL হয়। তেনে পৰিস্থিতিত প্ৰেমিকজন যথেষ্ট চিন্তিত হৈ পৰে। এনে পৰিস্থিতি প্ৰেয়সীগৰাকীয়ে উপহাৰ হিচাপে প্ৰিয়জনক দিব পাৰে বিশেষ সামগ্ৰী, যিয়ে
প্ৰিয়জনৰ HAIR FALL ৰোধ কৰিব পাৰে। এই উপহাৰে প্ৰিয়জনক সুখী কৰি তোলাৰ সমান্তৰালভাৱে HAIR FALLৰ সমস্যাটোও সমাধান হ’ব। উপহাৰত প্ৰেমিকাই চুলি সৰা ৰোধ কৰা ছেম্পু বা তেল প্ৰিয়জনক দিব পাৰে। এনে উপহাৰে সুখী কৰিব আপোনাৰ প্ৰিয়জনক। ইয়াৰ উপৰিও ঘৰুৱা উপায়েৰেও আপুনি ৰোধ কৰিব পাৰে চুলি সৰা সমস্যা
১. জেতুকা পাতৰ সৈতে চালকুঁৱৰী পাত টুকুৰা টুকুৰকৈ কাটি তাত নৰসিং পাত আৰু জবাফুলৰ পাত একেলগে পিহি চুলিত দুঘন্টামান লগাই থৈ ভালদৰে চুলিখিনি দুব লাগে। সপ্তাহত ২-৩ দিন এনে কৰিলে চুলি সৰা হ্ৰাস পাব।
২. পিয়াঁজ এটা টুকুৰা টুকুৰকৈ কাটি পিহি লৈ তাৰ ৰস উলিয়াই তাত দুচামুচ আমলখি ৰস মিহলাই চুলিত লগাব পাৰে।
৩. আমি সাধাৰণতে যিদৰে চেম্পু ব্যৱহাৰ কৰোঁ, তেনেকৈ নকৰি এটা পাত্ৰত চেম্পুখিনি বাকী লৈ তাত পানী দি মিহলি কৰি চুলি ধুব লাগে তেনে কৰিলে চুলি সৰা সমস্যা হ্ৰাস হ’ব।
৪. ৰাতি মেঁথি গুটি বাতি এটাত তিয়াই থৈ পিছদিনা মেথিখিনি পিহি লৈ চুলিত লগালেও সুফল লাভ কৰিব।