1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 1:33 am

প্ৰিয়জনৰ বাবে ভেলেণ্টাইন ডে’ৰ কেইটামান বিশেষ শুভেচ্ছা বাৰ্তা

  • Update Time : Thursday, February 13, 2025

শুকুৰবাৰে ভেলেণ্টাইন ডে, প্ৰেমময় হৈ পৰিব শুকুৰবাৰৰ দিনটোত৷ ভেলেণ্টাইন ডে যদিও পশ্চিমীয়া সংস্কৃতি৷ তথাপিতো নৱ প্ৰজন্মৰ মাজত অতিকৈ জনপ্ৰিয় হৈ পৰিছে এই বিশেষ দিনটো৷
অৱশ্যে ইয়াৰ মাজতেই আজি গুগলত প্ৰিয়জনৰ প্ৰেমত বন্দী হোৱা প্ৰতিগৰাকী প্ৰেমিক আৰু প্ৰেমিকাই প্ৰিয়জনলৈ চাৰ্চ কৰিব শুভেচ্ছা বাৰ্তা বা প্ৰিয়জনলৈ বুলি নিশা ১২ বজাত দিব লগীয়া শুভেচ্ছা বাৰ্তা৷
ভেলেণ্টাইন ডে বুলি নিজৰ প্ৰিয়জনলৈ দিব পাৰে এই বিশেষ কেইটামান শুভেচ্ছা বাৰ্তা-

১) আজীৱন তোমাৰ সৈতে থাকিব বিচাৰো, তোমাৰ প্ৰতিটো মুহূৰ্ত হাঁহিৰে উপচাই দিব বিচাৰো৷ তুমি বিশ্বাস কৰা বা নকৰা তোমাৰ বাবেই সকলো ঘাট-প্ৰতিঘাট সহিব পাৰো৷ Happy Valentine’s Day

২) এই যে তুমি মোক খং কৰা, মোক অভিমান কৰা, এই খং, অভিমান বোৰৰ বাবেই বাৰে বাৰে তোমাৰ প্ৰেমত পৰো, বাৰে বাৰে তোমাক লৈ ন ন কাহিনী লিখো৷ আজিৰ এই বিশেষ দিনটোত
পুনৰাই কৈছো নিজতকৈয়ো বেছি ভালপাওঁ তোমাক৷

৩) এই শুনা, মই চিগাৰেট খালে তোমাৰ কপালখন যেতিয়া কোঁচ খাই, মই জধলা হৈ থাকিলে তোমাৰ মুখত যেতিয়া বিৰক্তিৰ ভাৱ স্পষ্ট হৈ পৰে৷ তেতিয়াই ভাৱো তোমাক নাপালে মোৰ অৱস্থা কি
হ’লহেতেন? মই নাজানো তোমাক কি দিব পাৰিছো, কিন্তু তুমি মোক দিছা জীৱনৰ প্ৰাচীনতম মাধুৰ্যতা, তুমি শিকাইছা উজুটি খাই পৰাৰ পিছত কিদৰে নিজকে চম্ভালিব লাগে৷ এই বিশেষ দিনটোত তোমাক
প্ৰতিশ্ৰুতি দিছো, তোমাৰ প্ৰতিটো খোজতেই মই থাকিম তোমাৰ সহযাত্ৰী হয়৷

৪) নাজানো প্ৰতিদিনেই তোমাক কাষত পোৱাৰ হেপাঁহ কিয় জাগে, মই নাজানো কিয় তোমাৰ উপস্থিতিয়ে মোক কৰি তুলে উন্মাদ, কেৱল জানো তুমি অবিহনে মই আধৰুৱা৷ আজিৰ এই বিশেষ দিনটোত
তোমালৈ যাঁচিছো শুভকামনা৷ তোমাৰ হাঁহিয়েই মোৰ জীৱন৷

৫) মই নোকোৱাকৈয়ে কিছুমান কথা তুমি কিদৰে জানা? তাকেই ভাবি কেতিয়াবা আচৰিত হওঁ৷ মোৰ প্ৰতিটো আশাক নিজৰ আশা কৰি লৈছা তুমি, মোৰ প্ৰতিটো হেপাহক তোমাৰ হেপাহ কৰি লৈছা তুমি৷ আজিৰ এই বিশেষ দিনটোত তোমাক কথা দিছো, আজীৱন তোমাৰ সুখকেই নিজৰ সুখ কৰি ল’ম৷ Happy Valentine’s Day, my love!

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme