1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 12:16 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক স্মৰণ দেশবাসীৰ

  • Update Time : Saturday, December 25, 2021

ডিজিটেল ডেস্কঃ আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক জন্মজয়ন্তী। বাজপেয়ীৰ জন্মজয়ন্তী উপলক্ষে সমাধিস্থলীত উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ, লোকসভাৰ অধ্যক্ষ ওম বিৰালা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বহুকেইজন ৰাজনৈতিক নেতাও।

স্বাধীন ভাৰতৰ ১০ সংখ্যক প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী বাজপেয়ী। তেখেত মুঠ তিনিবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। পোনপ্ৰথমবাৰ ১৯৯৬ চনত মাত্ৰ ১৩ দিনৰ বাবে, ১৯৯৮ – ১৯৯৯ চনত ১৩ মাহৰ বাবে আৰু চুড়ান্তভাৱে ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ মুঠ ৫ বছৰকাল প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৮ চনৰ ১৬ আগষ্ট সন্ধিয়া ৫-০৫ মিনিটত দিল্লীৰ এইমছত মৃত্যু হয়।

মৃত্যুৰ ৪ টা বছৰ পিছতো দেশৰ জনগণে আজি স্মৰণ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীক। দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো আয়োজন কৰা হৈছে বাজপেয়ীৰ ওপজা দিনটোক। দীঘলীপুখুৰীৰ পাৰত চৰকাৰীভাৱে আয়োজন কৰা হৈছে সু-শাসন দিৱসৰ। সুশাসন দিৱসৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিত হৈ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ ছবিত মাল্যাৰ্পণ কৰা পৰিলক্ষিত হৈছে।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme