সম্পূৰ্ণ দিনটো সূৰ্যৰ পোহৰ, ধূলি আৰু মলিৰ বাবে আমাৰ ছালখন ক্ষতিগ্ৰস্ত হয়। আনহাতে পুৱা প্ৰয়োগ কৰা ছালৰ সামগ্ৰী সন্ধিয়ালৈকে লেহেমীয়া হয়। এনে পৰিস্থিতিত নিশা ছালখনৰ যত্ন ল’ব লাগে, যাৰ ফলত আপুনি পাব উজ্বল ছাল। ইয়াৰ বাবে নিশা মুখ ধুই ছালখনৰ যত্ন ল’ব পাৰে কিছু সহজ উপায়েৰে।
. আমাৰ স্বাস্থ্যৰ লগতে ছালৰ বাবেও নাৰিকল তেল অতি উপকাৰী। যদি বাৰিষাৰ সময়ত আপোনাৰ ছাল অত্যধিক শুকান হয়, তেন্তে নিশা মুখত নাৰিকল তেল লগাই শুব লাগে। এইদৰে আপোনাৰ ছালে নিশাটোৰ ভিতৰতে মুখখন সতেজ হ’বলৈ সময় লয়৷ যাৰ বাবে ছালখন জিলিকি থকা দেখা যায়।
. প্ৰতি নিশা শুৱাৰ আগতে মুখত এল’ভেৰা জেল লগাব লাগে। ই আপোনাৰ ছালখন হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে৷ ইয়াৰ লগতে ছালখনৰ লগত জড়িত সকলো সমস্যা যেনে পিম্পল হোৱা আদিও নাইকিয়া হৈ যাব।
. মুখৰ পৰা মৃত ছালৰ কোষবোৰ আঁতৰাবলৈ নিশা মুখখন ভালদৰে ধুই কেঁচা গাখীৰ লগাব লাগে। কপাহৰ সহায়ত মুখত পাতল তৰপত লগাব।