প্ৰয়াত কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ ঘৰলৈ শীঘ্ৰেই আহিব নতুন আলহী। জানিব পৰা মতে প্ৰয়াত কন্ঠশিল্পীগৰাকীৰ মাতৃ সন্তানসম্ভৱা। সিদ্ধু মুছেৱালাৰ মৃত্যুৰ পিছত পিতৃ-মাতৃয়ে পুনৰবাৰ এটি সন্তান জন্ম দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু বয়সৰ বাবে কিছু অসুবিধাত পৰিছিল দুয়োগৰাকী যাৰবাবে কন্ঠশিল্পীগৰাকীৰ মাতৃ চৰণ কৌৰে স্বাভাৱিকভাৱে গৰ্ভধাৰণ কৰিব পৰা নাছিল।
তেওঁলোকে সহায় ল’ব লগা হৈছিল IVFৰ। ৫৮ বছৰ বয়সত সন্তানসম্ভৱা প্ৰয়াত কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ মাতৃ। আৰু অতি শীঘ্ৰেই প্ৰয়াত কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ ঘৰলৈ আহিব নতুন আলহী। উল্লেখযোগ্য যে ২০২২ চনৰ ২৯ মে’ত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল কন্ঠশিল্পী সিদ্ধু মুছেৱালাক।