1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 17, 2025, 1:34 pm

প্ৰথমবাৰৰ বাবে ডেটত গৈছে যদি লক্ষ্য ৰাখক এইকেইটা কথা!

  • Update Time : Thursday, May 2, 2024

প্ৰথম ডেটিং আমাৰ সকলোৰে বাবে বিশেষ৷ আমি যেতিয়াই প্ৰথমবাৰৰ বাবে কোনো বিশেষ ব্যক্তিক লগ কৰিবলৈ তেতিয়াই আমাৰ মনত বিভিন্ন কথা চলি থাকে৷ আমি বহু সপোনক হৃদয়ত গুপুতে ৰাখি সেই বিশেষ ব্যক্তিজনক লগ কৰোঁ৷ সাজ-পোছাকৰ পৰা আৰম্ভ কৰি চেহেৰালৈকে সকলো ক্ষেত্ৰতে উৎসাহিত হৈ থকা যায়৷ যদি আপুনি প্ৰথবাৰৰ বাবে ডেটত গৈ আছে তেন্তে কিছুমান কথা লক্ষ্য ৰাখিব৷
. সময়ত প্ৰতি ধ্যান ৰাখিব- যদি আপুনি ডেটত গৈ আছে তেন্তে নিশ্বিতভাৱে সময়ৰ প্ৰতি গুৰুত্ব ৰাখক৷ আপোনাৰ সংগীয়ে সময়মতে আপোনাক লগ কৰিবলৈ আহিছে নে নাই এইকথাতে জানিব পাৰি যে আপোনাৰ সংগীয়ে আপোনাক লগ পাবলৈ কিমান আগ্ৰহী৷
. কথোপকথনৰ শৈলী- ল’ৰাবোৰে প্ৰায়ে প্ৰথমে ডেটত অধিক কেজুৱেল হ’বলৈ চেষ্টা কৰে৷ ইয়াৰ বাবেই তেওঁ কথা-বতৰাত ভুল ভাষা, শব্দ ব্যৱহাৰ কৰে৷ কথা বতৰাৰ সময়ত তেওঁ কোৱা শব্দৰ প্ৰতি গুৰুত্ব দিয়ক৷
. ভুৱা ব্যৱহাৰ- কিছুমান মানুহে প্ৰায়ে ডেটিং কৰাৰ সময়ত ছোৱালীজনীক আপ্লুত কৰিবলৈ নিজকে দেখুৱাবলৈ চেষ্টা কৰে৷ কিন্তু তেওঁ ইচ্ছাকৃত ভাৱে আপোনাৰ পৰা দূৰত্ব বজাই ৰাখিব পাৰে৷
. সন্মান কৰা- আপোনাৰ সংগীক সন্মান কৰক, কেৱল দেখাবলৈ নহয় মনৰ পৰা সন্মান কৰক৷ যদি আপোনাক সন্মান নকৰে তেন্তে বুজি লওঁক যে সেই সম্পৰ্ক বেছিদিন নিটিকে৷
. জোৰকৈ স্পৰ্শ নকৰিব- সাধাৰণতে মানুহে প্ৰথম ডেটত ইজনে সিজনক চিনি পাবলৈ চেষ্টা কৰে৷ কিন্তু কিছুমান মানুহে প্ৰথম ডেটতে নিজেই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে৷ আপোনাৰ সংগীক জোৰকৈ স্পৰ্শ কৰিবলৈ চেষ্টা নকৰিব৷ এনে কৰিলে আপোনাৰ সংগীয়ে অস্বস্তিত ভুগিব৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme