আপোনাৰো ছাল শুকান নেকি? যদি হয় গুৰুত্বসহকাৰে লওঁক এই বিষয়টি। শীত কালত ছাল শুকান হোৱাটো সাধাৰণ কথা। কিন্তু কিছু লোকৰ ছাল প্ৰতিটো ঋতুতে শুকান হৈ থাকে। তেওঁলোকে ইয়াৰ কাৰণৰ বাবে বতৰকেই জগৰীয়া কৰে যদিও। প্ৰকৃততে কিন্তু শুকান ছালৰ কাৰণ কেৱল বতৰ নহয়। বতৰৰ উপৰিও ছাল ৰুক্ষ হোৱাৰ থাকিব পাৰে বহু কাৰণ, যিবোৰ হয়তো হৈ পৰিব আপোনাৰ বাবে চিন্তাৰ বিষয়। ছাল শুকান হোৱাৰ আৰঁত থাকিব পাৰে বহু গুৰুতৰ ৰোগ। ইয়াৰ ভিতৰত বৃক্কজনিত ৰোগ হোৱাৰ সম্ভাৱনা অধিক। বৃক্কজনিত সমস্যা থাকিলে ছাল অতি শুকান হৈ পৰে। সেয়ে শুকান ছালক অৱহেলা নকৰিলেই আপোনাৰ মংগল। বৃক্ক বা কিডনীয়ে আমাৰ শৰীৰ আৰু স্বাস্থ্য ভালে ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিডনীয়ে আমাৰ শৰীৰত ফিল্টাৰৰ দৰে কাম কৰে ,তেজত বিভিন্ন উপাদানৰ ভাৰসাম্য ৰক্ষা কৰি স্বাস্থ্য সৱল কৰি ৰখাত সহায় কৰে কিডনীয়ে। কিডনীয়ে দেহৰ পানী ভাগৰ পৰা বৰ্জনীয় উপাদানসমূহ উলিয়াই দিয়াত সহায় কৰে। শৰীৰৰ কিডনীয়ে যেতিয়া সুকলমে কাম নকৰা হয় তেতিয়াই বিভিন্ন উপাদানৰ ভাৰসাম্যহীনতাৰ সৃষ্টি হয়, যাৰ ফলত হ’ব পাৰে বৃক্কৰ ৰোগ। কিডনীয়ে সঠিকভাৱে কাম নকৰাৰ এটা লক্ষণ হল শুকান ছাল আৰি খজুৱতি। খহতা ছাল, চালত কঠিনতা অনুভৱ কৰা এই সকলোবোৰ কিডনী ৰোগৰ লক্ষণ। এই সমূহ লক্ষণ শৰীৰৰ যিকোনো অংশত যিকোনো সময়তে দেখা দিব পাৰে। সেয়ে সজাগ হওঁক, চিকিৎসকৰ পৰামৰ্শ লওঁক।