1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 18, 2025, 3:07 pm
Trending:
আপোনাৰো স্মাৰ্টফোনত লগাতকৈ বেছি এপ আছে নেকি তেন্তে হওঁক সাৱধান অন্যথা বিপদত পৰিব আপুনি ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা মহাকাশৰ পৰা পৃথিৱীলৈ সুকলমে উভটি আহিল। এই অভিযানত ইছৰোৱে কোটি কোটি টকা ব্যয় কৰিছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ইয়াৰ বাবে মহাকাশচাৰী শুভাংশু শুক্লাই কিমান পালে ধন? প্ৰতিকূল বতৰৰ মাজকো অব্যাহত অমৰনাথ যাত্ৰা, দৰ্শনাৰ্থীসকলৰ বাবে প্ৰশাসনৰ তৰফৰ জাৰি বিশেষ সতৰ্কবাণী আপুনি বাৰু জানেনে পৃথিৱীত এনে কিছুমান ঠাই আছে যিসমূহ পৰ্যটকৰ বাবে সম্পূৰ্ণ নিষিদ্ধ, জানি লওঁক সবিশেষ কংগ্ৰেছত SPY কোন? কংগ্ৰেছৰ ভিতৰৰ অতি গোপন খবৰ কিদৰে লাভ কৰে CM হিমন্তই? Acesse Sua Conta E A Tela De Registro Site Oficial De Cassino Online Electronic Apostas No Brasil Pinco yeni adresi və güncel giriş linki. Sayta məhdudiyyətsiz daxil olmaq üçün aktiv keçidi öyrənin, hesabınıza giriş edərək oyunlarınıza davam edin. Site Oficial De Cassino Online Electronic Apostas No Brasil Acesse Sua Conta E A Tela De Registro

প্ৰতিকূল বতৰৰ মাজকো অব্যাহত অমৰনাথ যাত্ৰা, দৰ্শনাৰ্থীসকলৰ বাবে প্ৰশাসনৰ তৰফৰ জাৰি বিশেষ সতৰ্কবাণী

  • Update Time : Thursday, July 17, 2025

ধাৰাসাৰ বৰষুণকো নেওচি ভক্তসকলৰ মাজত দেখা পোৱা গৈছে উত্সাহ-উদ্দীপনা। মুষলধাৰ বৰষুণ আৰু ভয়ংকৰ ভূমিস্খলনৰ মাজতো বিপদ সংকূল যাত্ৰাৰ মাজেৰে দৰ্শনাৰ্থীসকলে কৰি আছে অমৰনাথ যাত্ৰা। প্ৰতিকূল বতৰৰ বাবে অমৰনাথ গুহালৈ যোৱা দুয়োটা পথ বেয়া হৈ আছে যদিও তাৰ মাজতে বাধাহীনভাৱে অব্যাহত আছে আৰু পবিত্ৰ গুহাত দৰ্শন চলি আছে। কিন্তু বুধবাৰে পুৱা ৪ বজাৰ পৰা ৬ বজাৰ ভিতৰত বাল্টাল-ডোমেল পথত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে দুঘণ্টাৰ বাবে যাত্ৰা স্থগিত ৰখা হয়। কাশ্মীৰৰ সংমণ্ডল আয়ুক্ত বিজয় কুমাৰ ভিদুৰীয়ে উল্লেখ কৰে যে শ্ৰী অমৰনাথ যাত্ৰা ২০২৫ নিৰৱচ্ছিন্নভাৱে অব্যাহত আছে আৰু তীৰ্থযাত্ৰীসকলে কোনো বাধা নোহোৱাকৈ বাবা বৰফনীলৈ গৈ আছে। শেহতীয়া তথ্য অনুসৰি মঙলবাৰে সন্ধিয়ালৈকে ২.৩৪ লাখতকৈ অধিক তীৰ্থযাত্ৰী ভ্ৰমণ কৰিছিল আৰু বুধবাৰে (১৬ জুলাই) তীৰ্থযাত্ৰীসকলে পবিত্ৰ গুহাটোৰ ফালে আগবাঢ়িছে আৰু দুয়োটা পথৰ পৰা কোনো বাধা নোহোৱাকৈ দৰ্শন গ্ৰহণ কৰিছে।

সতৰ্কবাণী জাৰি প্ৰশাসনৰ তৰফৰ পৰা-

বতৰ বিজ্ঞান কেন্দ্ৰই জম্মু-কাশ্মীৰৰ বাবে বতৰ উপদেশ জাৰি কৰি আগন্তুক দিনত অতিপাত বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা বৃদ্ধিৰ সতৰ্কবাণী প্ৰকাশ কৰিছে। একে সময়তে বাসিন্দা আৰু বিষয়াসকলক সজাগ হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। বতৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সঞ্চালক ড০ মুখতাৰ আহমেদে কয় যে ১৬-১৭ জুলাইৰ পৰা ২১-২৩ জুলাইৰ ভিতৰত সমগ্ৰ কেন্দ্ৰীয় শাসিত অঞ্চলত বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে, বহু অঞ্চলত মাজে মাজে লঘুৰ পৰা মধ্যমীয়া বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে।
বিশেষকৈ বানপানীৰ প্ৰৱণ বা ভূমিস্খলন প্ৰৱণ অঞ্চলত বাস কৰা বাসিন্দাসকলক অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ আৰু তথ্য লাভ কৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। স্থানীয় প্ৰশাসনক সম্পূৰ্ণৰূপে সজাগ হৈ থাকিবলৈ আৰু সকলো প্ৰতিৰোধমূলক আৰু সঁহাৰিৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme