1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 17, 2025, 1:37 pm

প্ৰচণ্ড গৰমৰ পৰা হাত সাৰিবলৈ কি কৰিব?

  • Update Time : Saturday, May 4, 2024

গ্ৰীষ্ম কালত প্ৰখৰ উত্তাপ আৰু লগতে বিদ্যুৎ কৰ্তনে মানুহক গৰমে জুৰুলা কৰে৷ গৰমৰ লগত যুঁজিবলৈ আমাৰ শৰীৰে বিভিন্ন প্ৰকাৰে চেষ্টা চলায়৷ গৰমৰ লগত যুঁজিবলৈ আমাৰ শৰীৰে বিভিন্ন প্ৰকাৰে চেষ্টা চলায়। এই সময়ছোৱাত আমি কঁপাহী কাপোৰহে পৰিধান কৰা উচিত। পলিষ্টাৰ মিশ্ৰিত কাপোৰ হ’লে শৰীৰৰ পৰা ঘাম নিৰ্গত হোৱাত বাধাৰ সৃষ্টি হ’ব। সকলো বয়সৰ মানুহে এই সময়ছোৱাত পানী, তৰমুজ, নাৰিকলৰ পানী আদি পৰ্য্যাপ্ত পৰিমাণে সেৱন কৰিব লাগে। কিন্তু ক’লড ড্ৰিংকছ, চাহ-কফি আদিয়ে আমাৰ শৰীৰৰ ভিতৰৰ জুলীয়া পদাৰ্থটো সংকুচিত কৰে অৰ্থাৎ শৰীৰত পানী কমাই দিয়ে। আমি ব্যায়াম কৰাৰ আগেয়ে দুগিলাছমান পানী খোৱা উচিত। কাৰণ ই আমাৰ শৰীৰৰ ভিতৰত পানী সন্তুলিত কৰি ৰাখিব। একেলগে কেইবা ঘন্টামান প্ৰখৰ ৰ’দত থাকিলে পানীৰ পৰিমাণ কমি শৰীৰটো অংশ বিশেষে শিৰামুৰিও ধৰিব পাৰে বা মুহুৰ্ততে মূৰ্চাও যাব পাৰে। তদুপৰি পেটৰ অসুখ আদিও হোৱা দেখা যায়। বিশেষকৈ ভৰিৰ শিৰামূৰি বেছিকৈ হোৱা দেখা যায়।

প্ৰচণ্ড গৰমৰ পৰা হাত সাৰিবলৈ কি কৰিব মন কৰক-
১. কপাহী কাপোৰৰ পাতল ৰঙৰ ঢিলা পোছাক পৰিধান কৰিব।
২. প্ৰখৰ ৰ’দত পাৰিলে বাহিৰলৈ নোযোৱাতোৱেই ভাল। কিন্তু অগত্য যাব লাগিলে ছাতিটো নিবলৈ নাপাহৰিব।
৩. পুৱা আৰু গধূলি সময়ত ব্যায়াম কৰাৰ অভ্যাস কৰিব লাগে। যদিহে দুপৰীয়া ব্যায়াম কৰিবলগীয়া হয়, তেনেহ’লে ইয়াৰ ৪৫ মিনিটমান আগেয়ে পানী বা পনীয়া বস্তু খাই শৰীৰটো সন্তুলিত কৰি ল’ব লাগে।
৪. ব্যায়াম কৰাৰ বাবে শৰীৰৰ পৰা কিমান পৰিমাণৰ জুলীয়া পদাৰ্থ হ্ৰাস হৈছে তাৰ পৰিমাণ জানিবলৈ ব্যায়াম কৰাৰ আগেয়ে আৰু পিছত নিজৰ ওজন লোৱা উচিত।
৫. বতৰৰ ফল গ্ৰহণ কৰিব৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme