1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 9:04 am

প্ৰকাশ পালে চলিত বৰ্ষৰ বিশ্বৰ আটাইতকৈ সুখী দেশৰ তালিকা

  • Update Time : Wednesday, March 20, 2024

২০২৪ চনত এইবাৰ বিশ্বৰ আটাইতকৈ সুখী দেশ কোনখন? ভাৰতৰ স্থান কিমান নম্বৰত? জানো আহক সৱিশেষ!

প্ৰকাশ পালে চলিত বৰ্ষৰ বিশ্বৰ আটাইতকৈ সুখী দেশৰ তালিকা৷ সৰ্বাধিক সুখী দেশৰ তালিকাৰ শীৰ্ষত আছে ফিনলেণ্ড৷ কানাডাৰ অৰ্থনীতিবিদ জন এফ হেলিৱেল, ৰিচাৰ্ড লেয়াৰ্ড, জেফ্ৰি চেক্স, জান ইমানুৱেল ডি নেভ, লাৰা বি আকনিন, শ্বুন ৱাঙে প্ৰকাশ কৰা ৱৰ্ল্ড হেপিনেছ ৰিপৰ্টত নৰ্ডিক দেশসমূহে শীৰ্ষস্থান দখল কৰিছে। বুধবাৰে প্ৰকাশিত এই প্ৰতিবেদনত ভাৰতৰ স্থান ১২৬ নম্বৰত বুলি উল্লেখ হৈছে। ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা বাৰ্ষিক প্ৰতিবেদনত নৰ্ডিক দেশসমূহে ১০ খন দেশৰ ভিতৰত ফিনলেণ্ড, ডেনমাৰ্ক, আইচলেণ্ড, ছুইডেন আৰু ইজৰাইলে শীৰ্ষ ৫টা স্থান নিশ্চিত কৰিছে। ২০২০ চনত তালিবানে নিয়ন্ত্ৰণ লাভ কৰাৰ পিছৰে পৰা মানৱীয় বিপৰ্যয়ৰ সন্মুখীন হোৱা আফগানিস্তানে সমীক্ষাত অংশগ্ৰহণ কৰা ১৪৩খন দেশৰ ভিতৰত তলৰ স্থানত থাকিল। ইফালে প্ৰথম বাৰৰ বাবে প্ৰতিবেদনখন প্ৰকাশ হোৱাৰ পাছত ২০খন সুখী জাতিৰ তালিকাৰ ভিতৰত স্থান নাপালে আমেৰিকা আৰু জার্মানীয়ে৷ ২৩ নম্বৰ স্থানত আমেৰিকা পিছ পৰি থকাৰ বিপৰীতে ২৪ নম্বৰ স্থানত পিছ পৰিল জাৰ্মানী।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme