সমগ্ৰ দেশবাসী এতিয়া উৎকণ্ঠিত৷মাজত মাঁঁথো দুখন মেচ। ৪৪ বছৰ মূৰত স্বর্ণপদক স্বদেশলৈ ঘূৰাই আনিবলৈ এই দুখন মেচ অতিকৈ গুৰুত্বপূৰ্ণ৷ গ্রেট ব্রিটেইনক হৰুৱাই ভাৰতীয় হকী দলটোই ছেমিত স্থান নিশ্চিত কৰিছে। চলিত অলিম্পিকত ভাৰতে ৰোমাঞ্চকৰ মেচত দুৰ্দান্ত প্রদর্শনেৰে গ্রেট ব্রিটেইনক টাইব্রেকাৰত ৪-২ গ’লত পৰাস্ত কৰে। নিৰ্ধাৰিত সময়ত মেচখন ১-১ গ’লত অমীমাংসিতভাবে সমাপ্ত হৈছিল। অন্তিম ৪২ মিনিট এ সময় ১০ জনেৰে খেলিও ভাৰতে সাব্যস্ত কৰিলে দুর্দান্ত জয়। মেচৰ দ্বিতীয় কোৱাৰ্টাৰৰ চতুৰ্থ মিনিটত ৰক্ষণৰ অন্যতম ভাৰসা অমিত ৰুহিদাসক বিপজ্জনকভাৱে খেলাৰ অপৰাধত ৰেফাৰীয়ে ৰঙা কার্ড প্রদর্শন কৰে। আৰম্ভণিৰ পৰা আক্ৰমণাত্মক ভূমিকাৰে খেলা ভাৰতে ৰুহিদাসক হেৰুৱাই ৰণনীতি সলনি কৰিবলৈ বাধ্য হয়। এইবাৰৰ প্ৰতিযোগিতাত প্রথমবাৰ কোনো খেলুৱৈয়ে লাভ কৰিছে ৰঙা কার্ড। কিন্তু দহজনেৰে খেলিও ২২ মিনিটত পেনাল্টি কর্নাৰৰ সহায়ত হৰমনপ্ৰীত সিঙে গ’ল কৰি দলক আগুৱাই দিয়ে। আগুৱাই যোৱাৰ পিচতে অধিক ৰক্ষণাত্মক হৈ পৰাৰ সুযোগ গ্ৰহণ কৰে ব্রিটেইনে৷পিছে ভাৰতীয় দলটোৰ সুনিৰ্দিষ্ট ৰণকৌশলত হাৰ মানিবলৈ বাধ্য হয় বৃটিছ দলটো৷ অহা মঙলবাৰে জাৰ্মানী আৰু আৰ্জেণ্টিনাৰ মাজৰ বিজয়ীৰ বিৰুদ্ধে ছেমিত অৱতীর্ণ হ’ব ভাৰতীয় দলটো। ১৯৮০-চনত মস্কো অলিম্পিকতেই অন্তিমবাৰ ভাৰতে স্বর্ণপদক জয় কৰিছিল। ৪৪ বছৰ মুৰত সেই সুযোগ সমাগত ভাৰতীয় দলটোই হকীৰ হেৰুৱা গৰিমা উভতাই অনাৰ৷