1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 11:24 am

পৃথিৱীৰ আটাইতকৈ দামী পাণ্ডুলিপি, পাণ্ডুলিপিখনৰ সৈতে আইনষ্টাইনৰ সম্পৰ্ক…

  • Update Time : Wednesday, November 24, 2021

ডিজিটেল ডেস্কঃ আপুনি আপোনাৰ হাতে লিখা পাণ্ডুলিপি অথবা গাণিতিক সমাধান সমূহ সংৰক্ষণ কৰি ৰাখেনে? গল্প, কবিতা বা বীজগাণিতিক সমাধান সমূহে কেতিয়াবা আউল লগাই, কোনোধৰণৰ সমাধান নোলায়৷ তেতিয়াই লিখা কাগজ টুকুৰা নুৰিয়াই আমি ডাষ্টবিনলৈ দলিয়াই দিয়াটোও প্ৰায়সংখ্যকৰেই অভ্যাস৷ সেই অভ্যাস কেৱল আমাৰেই আছে এনে নহয়৷ এই অভ্যাস আছিল এজন বিখ্যাত বিজ্ঞানীৰো৷ যিজন বিজ্ঞানীৰ আপেক্ষিকতাৰ সূত্ৰৰে সলনি হৈছিল পৃথিৱীৰ বহু ধাৰণাও৷

১০৮ বছৰ পূৰ্বে আপেক্ষিকতাৰ ওপৰত একক ভাৱে গৱেষনা কৰি থাকোতে আইনষ্টাইনে হাতে লিখা কিছু পাণ্ডুলিপি ডাষ্টবিনলৈ দলিয়াই দিছিল৷ সেই পাণ্ডুলিপিখনকে ডাষ্টবিনৰ পৰা বুটলি সংৰক্ষণ কৰিছিল আইনষ্টাইনৰ এজন বন্ধুৱে৷ সংগ্ৰহ কৰি থোৱা সেই পাণ্ডুলিপিখনৰ মূল্য এতিয়া কিমান হ’ব পাৰে? শেহতীয়াভাৱে আইনষ্টাইনৰ হাতেলিখা পাণ্ডুলিপিখন নিলাম হৈছে৷

পেৰিছৰ ক্ৰিষ্টিজত নিলামৰ এটা অনুষ্ঠানত এই পাণ্ডুলিপিখনৰ নিলাম মূল্যই সকলোকে সচকিত কৰি তুলিছে৷ অভিলেখ সৃষ্টিকাৰী দামত নিলাম হৈছে পাণ্ডুলিপিখন৷ ভাৰতীয় মূল্যত এই পাণ্ডুলিপিখনৰ নিলাম হৈছে ৯৬ কোটি ৭৭ লাখ ২০ হেজাৰ টকাত৷ পৃথিৱীৰ ভিতৰতে আটাইতকৈ দামী পাণ্ডুলিপি হৈছে এতিয়া আইনষ্টাইনৰ আপেক্ষিকতাৰ সুত্ৰ আৱিষ্কাৰৰ প্ৰাথমিক পাণ্ডুলিপিখন৷

৫৪ পৃষ্ঠাৰ পাণ্ডুলিপিখন সকলোখিনিয়েই আইনষ্টাইনে নিজ হাতে লিখা। আইনষ্টাইনে ইয়াৰে ২৬ পৃষ্ঠা লিখিছিল। ১০৮ বছৰ পূৰ্বে আইনষ্টাইনে লিখা এই পাণ্ডুলিপিখন সংৰক্ষণ কৰিছিল তেওঁৰেই বন্ধু প্ৰযুক্তিবিদ মিশেল বেচোৱে৷ বেচোৱেও আইনষ্টাইনৰ সৈতে বিভিন্ন গাণিতিক সমস্যা সমাধানত সহযোগ কৰিছিল৷ আইনষ্টাইনৰ গাণিতিক সমস্যা সমাধানৰ নিচাই সেই সময়ত বিশ্বব্ৰহ্মাণ্ডৰ সকলো চিন্তা সলনি কৰি দিয়ে। আপেক্ষিকতাৰ সূত্ৰ আৱিষ্কাৰৰ ছয় বছৰৰ পিছত আইনষ্টাইনে ১৯২১ চনত নবেল বঁটাও লাভ কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme