1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 12:59 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

পূজা চাবলৈ যোৱাৰ পূৰ্বে জানি লওঁক এইকেইটা জৰুৰী নিয়ম

  • Update Time : Tuesday, October 8, 2024

শাৰদীয় দুর্গোৎসৱত মতলীয়া হ’বলৈ সাজু ৰাজ্যবাসীৰ সৈতে মহানগৰবাসী৷ দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীয়ে যানবাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নির্দেশনা জাৰি কৰিছে। দুর্গাপূজাৰ সময়ছোৱাত হ’বলগীয়া তীব্র যানজটৰ প্ৰতি লক্ষ্য ৰাখিয়েই জাৰি কৰা উক্ত নির্দেশনা অনুসৰি অহা ১ অক্টোবৰৰ পৰা ১৩ অক্টোবৰ পর্যন্ত সামগ্রী কঢ়িওৱা গধুৰ যানবাহন মহানগৰীৰ মাজেৰে পুৱা ৪ বজাৰ পৰা দিনৰ ১২ বজাৰ ভিতৰত চলাচল কৰিব পাৰিব। চিটিবাছৰ চলাচলৰ ক্ষেত্ৰতো কেতবোৰ সালসলনি কৰা হৈছে। এই অনুসৰি বশিষ্ঠ মন্দিৰৰ পৰা ধাৰাপুৰ অভিমুখে যোৱা চিটাবাছসমূহ বশিষ্ঠ চাৰিআলি, কইনাধৰা পইন্ট হৈ খানাপাৰা ৰ’টাৰীৰ দিশেৰে জিএছ ৰোড হৈ ধাৰাপুৰলৈ যাব পাবিব। একেদৰে আদাবাৰী বাছষ্টেণ্ডৰ পৰা লালগণেশ অভিমুখে যোৱা চিটীবাছৰ ক্ষেত্ৰতো মালিগাঁও, কাছাৰী, ৰবীন্দ্র ভবন, গুৱাহাটী ক্লাব, চানমাৰি, জু-ৰোড ফ্লাই অভাৰ হৈ ৰাজধানী মছজিদ, গণেশ মন্দিৰেৰে লালগণেশলৈ যাব পাৰিব। পাঞ্জাবাৰীৰ পৰা ধাৰাপুৰ অভিমুখী বাহনসমূহ ভিআইপি ৰোড হৈ নুনমাটি, চানমাৰি হৈ যাব লাগিব। একেদৰে হাতীগাঁৱৰ পৰা ধাৰাপুৰ অভিমুখী চিটীবাছ উভতি অহাৰ ক্ষেত্ৰত ধাৰাপুৰ এম জি ৰোড চানমাৰি হৈ গণেশগুৰি উৰণীয়া সেতুৰে ছুপাৰ মার্কেট, লাষ্টগেট হৈ হাতীগাঁও চাৰিআলি অভিমুখে যাব লাগিব। দূৰণিবটীয়া বাণিজ্যিক যাত্রীবাহী বাছৰ ক্ষেত্ৰত নামনি অসমৰ পৰা অহা বাছসমূহ আদাবাৰীৰ বাছ আস্থানতে ৰখাব লাগিব। উজনি অসমৰ পৰা অহা বাছসমূহ আইএছবিটি বেটকুছিত ৰখাব লাগিব। একেদৰে তিনিওখন আৰক্ষী জিলাৰ অন্তর্গত বিভিন্ন অঞ্চলৰ সৰু-বৰ বাহনসমূহৰ চলাচলৰ ক্ষেত্ৰতো কেতবোৰ নিষেধাজ্ঞা যানবাহন আৰক্ষীয়ে আৰোপ কৰিছে। পূজাৰ কেইদিনত দিনৰ ২ বজাৰ পৰা নিশা ২ বজালৈ এই নিষেধাজ্ঞা বলবৎ হ’ব। এই নিষেধাজ্ঞা অনুসৰি দিছপুৰ আৰক্ষী এলেকাত বিভিন্ন স্থানত প্রৱেশ নিষিদ্ধ এলেকা ঘোষণা কৰা হৈছে। পূজাৰ কেইদিনত জু-ৰোডৰ দিশৰ পৰা দিছপুৰৰ গণেশ মন্দিৰ এলেকালৈ কোনো ধৰণৰ বাহনত প্রৱেশত নিষেধাজ্ঞা জাৰি কৰা হৈছে। একেদৰে বশিষ্ঠ আৰক্ষী এলেকাৰ অন্তর্গত বিভিন্ন স্থানত যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত ব্যাপক নিষেধাজ্ঞা জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে। বশিষ্ঠ চাৰিআলিৰ পৰা বেলতলা তিনিআলি দিশলৈ যানবাহনৰ চলাচল বন্ধ কৰা হৈছে। ভৰলুমুখ থানা এলেকাৰ
ফটাশিল চাৰিআলিৰ দিশৰ পৰা ৰে’লৱে গেট ৬, ৭, ৮ আৰু সতী জয়মতী পথৰ পৰা কুমাৰপাৰা পাঁচ আলি পর্যন্ত ন’ এন্ট্রি ঘোষণা কৰা হ’ব। এটি ৰোডত সম্পূৰ্ণভাৱে পার্কিং নিষিদ্ধ কৰা হৈছে। চাবিপুলৰ পৰা বিষ্ণুপুৰ আৰু ফটাশিল চাৰিআলিলৈ পথছোৱা ন’ এন্ট্রি কৰা হ’ব। ফটাশিল চাৰিআলিৰ পৰা চাবিপুললৈ ৱান ৱে হ’ব। । আৰ কে চৌধুৰী ৰোডৰ পৰা কে আৰ চি ৰোডলৈ ন’ এন্ট্রি থাকিব। আঠগাঁও উৰণ সেতুৰ তলৰ পৰা ভৰলুমুখ পর্যন্ত আৰু ভৰলুমুখৰ পৰা কালিপুৰ পর্যন্ত দীনেশ গোস্বামী পথ আৰু আৰ কে চি ৰোডৰ ৯ নং গেটৰ পৰা ফটাশিল চাৰিআলিলৈ পার্কিং নিষিদ্ধ কৰা হৈছে। শান্তিপুৰ শ্লুইচগেটৰ দিশৰ পৰা প্ৰাগজ্যোতিষ মহাবিদ্যালয়লৈ জে পি আগৰৱালা ৰোডত ন’ এন্ট্রি থাকিব। বিষ্ণুপুৰ দলঙৰ পৰা চাইকেল ফেক্টৰী পর্যন্ত যান- বাহনৰ চলাচলত নিষেধাজ্ঞা থাকিব।হাৰিয়ানা ভৱনৰ পৰা ফটাশিল চাৰিআলি- কুমাৰপাৰা পাঁচআলিলৈ ন’ এন্ট্রি থাকিব। জালুকবাৰী এলেকাৰ ক্ষেত্ৰত জালুকবাৰী ৰ’টাৰীৰ পৰা পল্টনবজাৰ, পাণবজাৰ, ফটাশিল আৰু ভৰলুমুখ অভিমুখী সামগ্রী কঢ়িওৱা গধুৰ যানবাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে। একেই নির্দেশনা পাণ্ডুঘাট পর্যন্তলৈ বাহাল থাকিব। আনহাতে দেৱী বিসর্জনৰ দিনাখনো পাণবজাৰ, চানমাৰি, গীতানগৰ, নুনমাটি আৰু লতাশিল থানা এলেকাত যানবাহনৰ চলাচলৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে মহানগৰ আৰক্ষীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme