1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 8:26 am

পুৰুষ অবিহনেই জন্ম দিয়ে সন্তান… ক’ত আছে কেৱল মহিলাই বাস কৰা এই গাওঁখন?

  • Update Time : Wednesday, February 9, 2022

ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাৰ এখন ঘন জংঘলৰ মাজৰ বিশেষ গাওঁ য’ত কেৱল মহিলাই বায় কৰে। গাৱঁখনত ৩০ বচৰ ধৰি প্ৰৱেশ নাই কোনো পুৰুষৰ তাৰ পিছতো সেই গাঁৱৰ মহিলাই জন্ম দিয়ে সন্তান। অবিশ্বাস্য যেন লাগিলেও সত্য। গাঁৱখনৰ প্ৰায়সংখ্যক মহিলাই গৰ্ভৱতী হয়। এই বিশেষ গাঁৱখনৰ নাম উমোজা।
প্ৰায় ২৮০০ মহিলাই বাস কৰে উমোজাত। ১৯৯০ চনত উমোজাক জন্ম দিছিল ১৫ গৰাকী মহিলাই মিলি। ব্ৰিটিছ সেনাৰ হাতত ধৰ্ষিতা মহিলাক ঠাই দিয়া হৈছিল এই গাঁৱখনত। পুৰুষৰ প্ৰৱেশ উমোজাত জন্মলগ্নৰে পৰাই সম্পূৰ্ণ নিষেধ। পুৰুষ অবিহনেই কেনেকৈ গাঁৱখনৰ মহিলা সকলে সন্তান জন্ম দিছে। এই বিষয়টোক লৈ পোনতে চিন্তিত হৈ পৰিছিল গাঁৱকনৰ চুবুৰীয়া গাঁৱৰ বাসিন্দাসকল। কিন্তু পিছলৈ স্পষ্ট হ’ল যে গাঁৱখনত পুৰুষৰ প্ৰৱেশ নিষিদ্ধ যদিও নিশা লুকাই-চুৰকৈ বহু পুৰুষেই সেই গাঁৱখনলৈ যাত্ৰা কৰে। নিজৰ পছন্দৰ পুৰুষৰ পৰা নিজা ঔৰষত সন্তানো ধাৰণ কৰে কিন্তু সন্তান অথৱা মহিলাগৰাকীয়ে স্বামী হিচাপে বিশেষ ব্যক্তিজনক কোনোকালেই স্বীকৃতি নিদিয়ে। সন্তানটোৱেও সেই পিতৃৰে কোনো সম্পৰ্ক নাৰাখে। মহিলাগৰাকীয়ে সম্পূৰ্ণ নিজাকৈয়ে সেই দায়িত্ব পালন কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme