1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 11:39 am
Trending:
আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে!

পুৰুষে শাৰী পিন্ধা ভাৰতৰে এখন ঠাই… এইয়া স্বকীয়তা নে পৰম্পৰা?

  • Update Time : Thursday, November 18, 2021

ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষত হিন্দু ধৰ্মৰ নিয়মেৰে ইশ্বৰক উপাসনা কৰা পৰম্পৰা বেলেগ-বেলেগ৷ এই পৰম্পৰাসমূহ পালন কৰি অতীজৰে পৰা মানুহে ইশ্বৰক পূজা-অৰ্চনা কৰি আছে৷ ইয়াৰে কিছুসংখ্যক পৰম্পৰা অতি আশ্চৰ্যকৰ৷ এই আশ্চাৰ্যকৰ নিয়ম পালন কৰিয়ে যুগ-যুগান্তৰৰ পৰা মানুহে ভগৱানক পূজা-অৰ্চনা কৰি আহিছে৷ কিন্তু কেতিয়াবা এনে আচৰিত পৰম্পৰাৰ কথা শুনিছেনে! যত দেৱীক পূজা-অৰ্চনা কৰাৰ বাবে পুৰুষে পৰিধান কৰে মহিলাৰ পোছাক?

ভাৰতৰ কোনখন ৰাজ্যৰ পুৰুষে, মহিলাৰ পোছাক পৰিধান কৰে?

পশ্চিমবংগৰ হুগলী জিলাৰ চন্দন নগৰত বহু যুগৰে পৰা চলি আহিছে এটা আজৱ পৰম্পৰা৷ অঞ্চলটোৰ পুৰুষসকলে মহিলাৰ শাৰী পিন্ধি দেৱীক উপাসনা কৰে৷ এই পৰম্পৰাটো বিগত ২২৯ বছৰ ধৰি পালন কৰি অহা হৈছে৷ উল্লেখ্য যে, প্ৰতিবছৰৰ দৰে এইবছৰো চন্দন নগৰত পালন কৰা হৈছে এই পৰম্পৰা৷ পুৰুষসকলে এই পৰম্পৰাৰ লগত সংগতি ৰাখি দেৱী জগদ্ধাত্ৰীক পূজা কৰে৷ এই সময়ছোৱাত ঘৰৰ মহিলাসকলৰ পৰিৱৰ্তে পুৰুষসকলে মহিলাৰ পোছাক পিন্ধি দেৱীৰ পূজা-অৰ্চন কৰে৷ অন্য বছৰৰ সমান্তৰালকৈ এইবছৰো চন্দন নগৰৰ পুৰুষসকলে মহিলাৰ পোছাক পৰিধান কৰি দেৱী জগদ্ধাত্ৰীক সেন্দুৰ আৰু পাণেৰে উপাসনা কৰে৷

কিয় পালন কৰা হয় এই পৰম্পৰা ?

সাধৰণতে বঙালী সম্প্ৰদায়ত মহিলাসকলে বহু শতিকাৰ পৰা এনেদৰে দেৱীৰ উপাসনা কৰি আহিছে৷ কিন্তু চন্দননগৰৰ দেৱী জগদ্ধাত্ৰীৰ উপাসনা আছিল ভাৰতৰ এক বিশেষ পৰম্পৰা৷ এই পূজাত ১৩ জন পুৰুষে আগভাগ লয়৷ পুৰুষসকলে শাৰী পিন্ধি মূৰত ওৰণি লৈ পূজাত অংশগ্ৰহণ কৰে।

এক বিশেষ সাক্ষাতকাৰত পূজা সমিতিৰ সদস্যই প্ৰকাশ কৰে যে,২২৯ বছৰৰ পূৰ্বে যেতিয়া ব্ৰিটিছসকলৰ শাসন চলি আছিল, তেতিয়া মহিলাসকলে ভয়তে সন্ধিয়াৰ পিচত ঘৰ এৰি যোৱা নাছিল৷ এই সময়ছোৱাত মহিলাসকলৰ স্বামী তথা পূৰ্বপুৰুষসকলে শাৰী পিন্ধি দেৱী জগদ্ধাত্ৰীৰ উপাসনা কৰিছিল৷ এনেদৰে বছৰ-বছৰ ধৰি পুৰুষসকলে জগদ্ধাত্ৰী দেৱীৰ পূজাৰ সময়ত পুৰুষসকলে পৰিধান কৰে শাৰী আৰু এটা সময়ত ই এটা পৰম্পৰালৈ ৰূপান্তৰিত হ’ল।

উল্লেখ্য যে, ২৫০ বছৰ পূৰ্বে বংগৰ ৰজা আছিল কৃষ্ণচন্দ্ৰ দোৱান দাতাৰম সুৰ৷ ৰজাৰ জীয়াৰীয়ে বাস কৰিছিল চন্দন নগৰৰ গৌৰহাটিৰ এটা ঘৰত৷ সেই ঘৰতেই জগদ্ধাত্ৰী পূজা কৰা হৈছিল৷ কিন্তু সেইসময়ত জীয়ৰীৰ ঘৰত আৰ্থিক সংকটে দেখা দিছিল৷ যাৰ বাবে ৰজাৰ জীয়েকে পূজাৰ নিয়মসমূহ অঞ্চলটোৰ আন লোকসকললৈ স্থানান্তৰ কৰে আৰু এনেদৰে যুগ-যুগ ধৰি চলি থাকে পুৰুষে মহিলাৰ পোচাক পৰিধান কৰি পালন কৰা জগদ্ধাত্ৰী পূজা৷

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme