1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 11:38 am
Trending:
আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে!

পুনৰ ৰঙাঘৰলৈ ৰাজ কুন্দ্ৰা! লগতে এইবাৰ শিল্পাও…

  • Update Time : Sunday, November 14, 2021

ডিজিটেল ডেস্কঃ বিপদে ল’গ এৰা নাই অভিনেত্ৰী শিল্পা চেট্টী আৰু তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাক৷ পৰ্ণগ্ৰাফী ছবি নিৰ্মাণৰ অভিযোগত ৰঙাঘৰলৈ যোৱা ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে উত্থাপন হৈছে আন এক গুৰুতৰ অভিযোগ৷ এই অভিযোগ উত্থাপিত হৈছে ৰাজ কুন্দ্ৰাৰ লগতে অভিনেত্ৰী শিল্পা চেট্টীৰ বিৰুদ্ধেও। ১ কোটি ৫১ লাখ টকা প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে শিল্পা আৰু ৰাজৰ বিৰুদ্ধে ৷ এই অভিযোগ উত্থাপন কৰিছে নীতিন বৰাই নামৰ এজন ব্যক্তিয়ে৷ ইতিমধ্যে ব্যক্তিগৰাকীয়ে মায়ানগৰী মুম্বাইৰ বান্দ্ৰা আৰক্ষী চকীত ৰুজু কৰিছে এক গোচৰ৷

ৰাজ কুন্দ্ৰাৰ লগতে শিল্পাও যাব ৰঙাঘৰলৈ!

নীতিন বৰাই প্ৰকাশ কৰা অনুসৰি, অভিনেত্ৰী শিল্পা চেট্টী আৰু তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাই ফিটনেছ কোম্পানী এটাৰ মাধ্যমেৰে ২০১৪-২০১৫ চনত নীতিনৰ পৰা ধন আত্মসাৎ কৰিছিল৷ ফিটনেছ আঁচনিৰ দ্বাৰা অধিক লাভৱান হ’ব বুলি ৰাজ আৰু শিল্পাই আশ্বাস দিছিল নীতিনক৷ যাৰ বাবে ৰাজৰ সৈতে কাম কৰিবলৈ নীতিন আগবাঢ়ি আহিছিল৷ এই ধন উভতাই দিয়াত অস্বীকাৰ কৰাৰ বাবেই ৰাজ কুন্দ্ৰা আৰু শিল্পা চেট্টীৰ বিৰুদ্ধে গোচৰ ৰুজো কৰিছে নীতিনে৷ কুন্দ্ৰাৰ বিৰুদ্ধে ৪০৬, ৪০৯, ৪২০, ৫০৬, ৩৪ আৰু ১২০ (বি) ধাৰাত গোচৰ ৰুজো হোৱা বুলি জনাইছে নীতিনে৷

উল্লেখ্য যে, চলিত বছৰৰ জুলাই মাহত পৰ্ণগ্ৰাফী ভিডিও বনোৱা আৰু আপলোড দিয়াৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰাজ কুন্দ্ৰাক৷ গ্ৰেপ্তাৰৰ পিছতেই আৰ্থাৰ ৰোড জেলত থাকিবলগীয়া হৈছিল ৰাজ কুন্দ্ৰা৷ ব্যৱসায়ী ৰাজে চিনেমাত যুৱতীসকলক কাম দিয়াৰ চলনাৰে বনাইছিল অশ্লীল ভিডিও৷ যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ব্যৱসায়ী ৰাজ কুন্দ্ৰাক৷ কিছুদিন পূৰ্বে জেলৰ পৰা ওলোৱা ৰাজ এইবাৰ পত্নীসহিতে জেললৈ যাব বুলি প্ৰচাৰ চলা পৰিলক্ষিত হৈছে।

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme