ডিজিটেল ডেস্কঃ এজন এজনকৈ আলফা স্বাধীনলৈ ধাৱমান হৈছে যুৱ প্ৰজন্মৰ বহু যুৱক-যুৱতী। বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহৰ পৰা বৰ্তমানলৈকে ২২০ গৰাকীতকৈ অধিক যুৱক-যুৱতীয়ে আলফা স্বাধীনত যোগদান কৰিছে৷ মঙলবাৰে বৰপেটাৰ ধনজিৎ দাস, বাক্সাৰ উদ্ধৱ দাস, কুমাৰীকাটাৰ নিৰঞ্জন ডেকা, গুৱাহাটীৰ নাৰেংগীৰ যুগল শৰ্মাই আলফা নেতা আইচেং অসমৰ তত্বাবধানত আলফাত যোগদান কৰাৰ খবৰ পোহৰলৈ আহিছে৷ কেৱল যুৱক-যুৱতীয়ে নহয়, অসম আৰক্ষী আৰু কৃষি বিভাগৰ কৰ্মচাৰীও আলফা স্বাধীনত যোগদান কৰে৷ জানিব পৰা অনুসৰি, চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা ম্যানমাৰত আলফা স্বাধীনৰ প্ৰশিক্ষণ আৰম্ভ হৈছে৷ ইতিমধ্যে আলফাৰ প্ৰথম গোটৰ প্ৰশিক্ষণ সমাপ্ত হৈছে আৰু দ্বিতীয় গোটৰ প্ৰশিক্ষণ আৰম্ভ হোৱাৰ খবৰ পোহৰলৈ আহিছে৷ মঙলবাৰে এই চাৰিগৰাকী যুৱকে প্ৰশিক্ষণৰ লোৱাৰ বাবে ম্যানমাৰত উপস্থিত হয়৷
শেহতীয়াকৈ পুনৰ আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ কৰা হৈছে যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰক। যোৰহাট নিমাটিৰ ককিলা গাঁৱৰ কুশল দাসৰ পুত্ৰ অংকুৰ দাসে দেওবাৰৰ পৰা সন্ধানহীন হৈ আছে। ঘৰৰ পৰা জিমলৈ গৈ উভতি নাহিল অংকুৰ৷ বাহনা মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত ছাত্ৰ আছিল অংকুৰ। আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহত শোকত ভাগি পৰিছে অংকুৰৰ পৰিয়ালৰ লোকসকল। সংবাদ মাধ্যমৰ যোগেদি পুত্ৰক ঘৰলৈ ঘূৰি আহিবলৈ কাতৰ আহ্বান জনাইছে পিতৃ মাতৃয়ে।