1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 2:09 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

পিশাছক লৈ ৰাজ্যত সৰ্বত্ৰে চলিছে চৰ্চা

  • Update Time : Monday, March 11, 2024

এখন ভৌতিক ছবি চাবলৈ পাব অসমবাসীয়ে৷ ৩১ মে’ত আহি আছে এখন নতুন ছবি পিশাচ৷ পিশাচৰ ৰূপ লৈ আহি আছে বহু ন-পুৰণি শিল্পী৷
সমাজত ঘটি থকা এটা বাস্তৱধৰ্মী ৰোমান্টিক কাহিনীৰে প্ৰেম আৰু প্ৰেমৰ পৰা লোৱা ভয়ংকৰ ৰূপক কাহিনীৰ আধাৰ হিচাপে লৈ সুন্দৰভাৱে উপস্থাপন কৰা
হৈছে পিশাচ ত৷ ছবিখনত অভিনয় কৰিছে নিৰুপম শইকীয়া, জেনেট বে, অচিন্ত্য ৰাজকাশ্যপ, শশাংক সমীৰ, চিমি ৰিয়ান, ত্ৰিৱেণী
গগৈ, মিন্টু বৰুৱাকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে৷ ছবিখনৰ শীৰ্ষ গীতটিত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৱে৷ চলচ্চিত্ৰ খনৰ
ক্ৰিয়েটিভ প্ৰডিউচাৰ তথা মুখ্য সহ পৰিচালকৰ ভূমিকাত আছে মৃণাল ডেকা৷ অনিমা লহকৰে প্ৰযোজনা কৰা পিশাচৰ সহ-প্ৰযোজনা ৰাজ দত্ত
আৰু টাচিন মুটাকিনৰ৷ দেওবাৰে ছবিখনৰ পোষ্টাৰ আৰু ফাৰ্ষ্ট লুক ভিডিঅ মুকলি অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মঞ্জু বৰা,
অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ, কণ্ঠশিল্পী সীমান্ত শেখৰ, চলচ্চিত্ৰ পৰিচালক বিশ্বজিত বৰাৰ লগতে অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ লগত
জড়িত কেইবাগৰাকী গণ্যমান্য ব্যক্তি৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme