1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 12:19 am

পাপক ভয় নকৰে মৰিগাঁৱৰ গৌতম অনলাইন পইন্টে, মহাকুম্ভৰ যাত্ৰীক ৰেল টিকটৰ নামত দিলে ৰামঠগন…

  • Update Time : Friday, January 31, 2025

চলি আছে বিশ্বৰ ভিতৰতেই অদ্বিতীয় ধাৰ্মিক পৰ্ব মহাকুম্ভ। মহাকুম্ভলৈ দেশী-বিদেশী পূণাৰ্থীয়ে ইতিমধ্যে ভিৰ কৰিছে। অসমৰ পৰাও বহু পূণাৰ্থীয়ে মহাকুম্ভলৈ ঢাপলি মেলিছে। তাৰ মাজতেই মৰিগাঁৱত পোহৰলৈ আহিছে প্ৰৱঞ্চনাৰ ঘটনা। ৰেল বিভাগৰ অজ্ঞাতে অনলাইন ৰেল টিকট মহাকুম্ভ মেলালৈ যাব ওলোৱা যাত্ৰীক অধিক দামক বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে মৰিগাঁৱৰেই এখন অনলাইন টিকট কাউণ্টাৰৰ বিৰুদ্ধে৷ মৰিগাঁৱৰ পৰা মহাকুম্ভলৈ যাম বুলি ভবা এটি পূণ্যাৰ্থীৰ দলে কৰা অভিযোগৰ ভিত্তিত মৰিগাঁও চহৰৰ মাজ মজিয়াত অৱস্থিত গৌতম অনলাইন পইণ্টে কৰিছে প্ৰৱঞ্চনা৷ ঘটনাৰ বিবৰণী অনুসৰি যোৱা ২৯ জানুৱাৰীত মৰিগাঁৱৰ পৰা মহাকুম্ভ লৈ যাম বুলি ভবা ছয় জনীয়া এটি দলে মৰিগাঁও ষ্টেট বেংক শাখাৰ বিপৰীতে থকা গৌতম অনলাইন পইন্টত কামাখ্যা ষ্টেচনৰ পৰা উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজলৈ ৬ গৰাকী পূণ্যাৰ্থীৰ অহা যোৱাৰ বাবদ ব্ৰহ্মপুত্ৰ মেইলত 3 AC(E) টিকট ক্ৰয় কৰে প্ৰায় ৪২,০০০ টকাৰে। যাৰ প্ৰকৃত মূল্য আছিল প্ৰায় ১৯ হাজাৰৰ পৰা ২০ হাজাৰ টকা। ভুক্তভুগী যাত্ৰী কেইগৰাকীয়ে মৰিগাঁও চহৰৰ কেইবাখনো অনলাইন টিকট বুকিং কাউণ্টাৰত খবৰ কৰাত ওলাই পৰে টিকটৰ প্ৰকৃত মূল্য। দীৰ্ঘদিন ধৰি মৰিগাঁৱত গৌতম অনলাইন পইন্ট নামৰ ই-টিকট বুকিং চেণ্টাৰখনে বহু যাত্ৰীৰ পৰা ৰেলৰ টিকট অধিক মূল্যত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে৷ মহাকুম্ভলৈ যাব বিচৰা পূণ্যাৰ্থীক এনেদৰে হাৰাশাস্তি দিয়া গৌতম অনলাইন পইন্টক নাকী লগাব কোনে? তাকে লৈ উদ্বিগ্ন হৈ পৰিছে মৰিগাঁৱবাসী৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme